ডিব্ৰুগড়ঃ অসম চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়নৰ অৰ্থে ৰাজ্য চৰকাৰে ১০০ কোটি টকা আগবঢ়াইছে। আজি ডিব্ৰুগড় আবৰ্তভৱনত অনুষ্ঠিত এক সংবাদমেলত এই ঘোষণা কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব সমীৰ সিনহাই। লগতে অচিৰেই ঔষধৰ নাটনি দূৰ কৰিবলৈ ব্যৱস্থা ল’ব বুলিও সদৰী কৰে সচিবগৰাকীয়ে।

ইয়াৰ উপৰি চিকিৎসা মহাবিদ্যালয়খনত সঘনাই বিকল হোৱা যন্ত্ৰ-পাতিসমূহ সঠিকভাৱে কাৰ্য্যক্ষম কৰি তুলিবলৈও নিৰ্দেশ দিয়া বুলি জনাইছে সংবাদমেলত। লক্ষ্যনীয় যে, কোটি কোটি টকা খৰচেৰে মাত্ৰ তিনি চাৰি বছৰ পূৰ্বে নিৰ্মাণ কৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ ভৱনেৰে বৰ্তমান বৰষুণৰ পানী পৰা, ছাদ খহি পৰা ঘটনা সংঘটিত হৈ আহিছে।

ইয়াৰ উপৰি ৯৮ কোটি টকীয়া MRI মেচিন অবাবত পৰি পচিবলৈ ধৰা, বহু অত্যাধুনিক সা-সামগ্ৰী বিকল হৈ পৰি থকা অৱস্থাত পুনৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ ভৱন নিৰ্মাণ, মেৰামতি, যন্ত্ৰ পাতি ক্ৰয়ৰ নামত পুনৰ ১০০ কোটিৰ আৱণ্টন দিছে যদিও তাৰ সঠিক ব্যৱহাৰ হ’ব নে নহয় তাকলৈও প্ৰশ্ন  উঠিছে।

তদুপৰি এ এম চি এইচত ইতিমধ্যেই জাপানী এনকেফেলাইটিছৰ এখন বিশেষ চিকিৎসালয়ৰ নামত ১০ কোটি টকাৰ যন্ত্ৰ-পাতি, সৰঞ্জাম পচিবলৈ ধৰা বিষয়টোৰ সন্দৰ্ভতো সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় সমীৰ সিনহা।

অন্যহাতে ৰোগীয়ে প্ৰয়োজনীয় ঔষধ লাভ নকৰা, ৰোগীৰ খাদ্যৰ শোচনীয় অৱস্থা, প্ৰসূতি ৰোগ বিভাগত এখন বিছনাতেই দুই তিনি গৰাকী প্ৰসূতি চিকিৎসাধীন হ’ব লগা হোৱা দৃশ্যসমূহৰ বিষয়েও সংবাদমেলত অৱগত কৰা হয়। এই সমস্যাসমূহ সমাধান কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে তেওঁ।

ইপিনে, কাইলৈ এম চি এইচ ভ্ৰমণ কৰিব সচিব গৰাকীয়ে৷ উল্লেখযোগ্য যে, সচিব গৰাকীৰ উপস্থিতিতে আজি অসম চিকিৎসা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰে ডাঃ হিৰণ্য কুমাৰ গোস্বামীক।