11
May
2017

গুৱাহাটীঃ বিভিন্ন বিষয়ক লৈ হোৱা বাদানুবাদ, সংযোগী শিক্ষা কৰ্মী সন্থাকে ধৰি বিভিন্ন সংগঠনৰ আন্দোলনৰ মাজেৰে আৰম্ভ হোৱা অসম বিধানসভাৰ বিশেষ অধিৱেশনত প্ৰত্যাশিতভাৱে আজি ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) বিধেয়ক গৃহীত হয়।
ইয়াৰ লগে লগে সমগ্ৰ দেশৰ লগতে অসমতো অহা পহিলা জুলাইৰ পৰা জি এছ টি বলবৎ হোৱাটো নিশ্চিত হ’ল। এই বিশেষ অধিৱেশনৰ প্ৰথম দিনা অৰ্থাৎ যোৱা আঠ মে’ত জি এছ টি বিধেয়ক সদনত উত্থাপন কৰা হয়। এই বিধেয়কৰ লগতে আন কেইবৈখনো বিধেয়ক সদনত উত্থাপন কৰা হয়।