newsnextone.com | নগাঁওঃ অভিভাৱকে দান-বৰঙণি দি নিৰ্মাণ কৰিব এখন স্কুলৰ শ্ৰেণীকোঠা৷ প্ৰতিগৰাকী অভিভাৱক আৰু সচেতন লোকে দিয়া আৰ্থিক সহায়েৰে শ্ৰেণীকোঠা নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে৷ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ জাজৰিৰ সমীপৰ বড়িগাঁও বেলতলৰ ৪৯নং শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত অভিভাৱকসকলৰ আৰ্থিক সাহায্যৰে নিৰ্মাণ হ’বলগীয়া শ্ৰেণীকোঠাৰ কামৰ বুধবাৰে আৰম্ভ কৰা হয়৷ 

শ্ৰেণী কোঠা নিমাৰ্ণৰ কাম আনুষ্ঠানিক ভাৱে আৰম্ভ কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক তথা শতাধিক স্থানীয় ৰাইজৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়৷ বিধায়িকাগৰাকীয়ে সভাত ভাষণ প্ৰদান কৰি ভাল মানুহ হ’বলৈ সাধনাৰ প্ৰয়োজন বুলি কয়৷ সাধনা অবিহনে নিজক কেতিয়াও প্ৰতিষ্ঠা কৰিব নোৱাৰ ৷ নিয়মিত বিদ্যালয়লৈ আহি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা সকলো জ্ঞান ভাল দৰে আয়ত্ব কৰি দেশৰ সু-নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে আপ্ৰাণ চেষ্টা কৰিব লাগে বুলি কয়৷ 

বিধায়িকাগৰাকীয়ে বিদ্যালয়খনৰ উন্নয়নৰ বাবে এক লাখ টকা আৰ্থিক সহায় কৰাৰ কথা ঘোষনা কৰাৰ লগতে অনাগত দিনত বিদ্যালয়খনৰ উন্নয়নৰ বাবে সৰ্বপ্ৰকাৰে সহায়-সহযোগিতা আগবঢ়াই যোৱাৰ আশ্বাস প্ৰদান কৰে৷ বিধায়িকাগৰাকীয়ে আকস্মিকভাৱে উপস্থিত হয় বেলতলৰ দলংঘাটৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত৷ 

চিকিৎসালয়খনৰ পৰা দীৰ্ঘদিন ধৰি ৰাইজে পৰ্যাপ্ত চিকিৎসা সেৱা লাভ নকৰাৰ লগতে প্ৰয়োজনত ৰোগীয়ে চিকিৎসকক নাপাই দুৰ্ভোগ ভুগিবলগীয়া হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে বিধায়িকাগৰাকীয়ে চিকিৎসালয়খনত হঠাতে উপস্থিত হয়৷ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ চিকিৎসক তথা চিকিৎসাকৰ্মী আৰু ৰোগীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে চিকিৎসালয়খনৰ সমস্যাৰ বুজ লয়৷ পৰিদৰ্শনৰ অন্তত বিধায়িকাগৰাকীয়ে চিকিৎসালয়খনৰ সমস্যা অনতিপলমে দূৰ কৰাৰ লগতে চৰম মইমতালিয়ে নিজৰ দায়িত্বৰ প্ৰতি অৱহেলা কৰা তথা নিয়মীয়াকৈ চিকিৎসালয়ত উপস্থিত নথকা চিকিৎসকৰ বিৰুদ্ধে এসপ্তাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷