27
Aug
2017

জোনাইঃ ধেমাজি জিলাৰ জোনাইৰ চিৰুঙত চাৰিজাই সজীৱ গুলী সহ এটি বন্দুক উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শনিবাৰে বন বিভাগৰ জোনাই বনাঞ্চলিক কাৰ্যালয়ৰ এটি টহল দাৰী দলে পবা বৰ্ষাৰন্যৰ চিৰুং এলেকাত পহৰা দিবলৈ যায়৷ তেনে সময়তে পবা বৰ্ষাৰন্যত গছ কটাৰ বাবে প্ৰবেশ কৰিছিল চোৰাং চিকাৰী৷
বন বিভাগৰ লোকৰ উপস্থিতিৰ উমান পায় চোৰাং চিকাৰীৰ দল পলাই সাৰে৷ পবা সংৰক্ষিত বনাঞ্চল ধেমাজি জিলাৰ একমাত্ৰ বাচি থকা বনভূমি। ইয়াক ৰাষ্ট্ৰীয় অভয়াৰন্য হিচাপে ঘোষণা কৰিবলৈ বিভিন্ন দল-সংগঠন তথা ৰাইজে দাবী জনাই অহাৰ সময়তে চোৰাং চিকাৰী, কাঠ ব্যৱসায়ীৰ কবলত পৰি বনাঞ্চলখন দিনকদিনে ধ্বংসৰ পিনে গতি কৰিছে।