
বেতবাৰীঃ শিৱসাগৰ জিলাৰ চাউলকৰা গাঁৱৰ এজন দুৰ্ভগীয়া ব্যক্তিৰ জীৱন কাহিনী। যাৰ ভৰিৰ যাদুত এখনৰ পিছত আন এখন ফুটবল মেচত ধৰাশায়ী হৈছিল প্ৰতিপক্ষৰ খেলুৱৈ। ভৰিৰ যাদুৰে যিদৰে মন্ত্ৰমুগ্ধ কৰিছিল অগণন ফুটবল প্ৰেমীক সেইদৰেই হাতৰ চাপৰ ঢোলত পৰাৰ লগে লগে বিহুৱতী নাচনীয়ে উন্মাদ হৈ নাচিছিল। তেওঁ হৈছে শিৱসাগৰ জিলাৰ হাঁহচৰাৰ চাউলকৰা গাঁৱৰ গুণকান্ত গগৈ।
সহজ-সৰল জীৱন প্ৰণালীৰে সাধাৰণভাৱে জীয়াই থকা গুণকান্ত গগৈয়ে ১৭ বছৰ পূৰ্বে চৰকাৰৰ জৰীপৰ কামত ব্যৱহৃত হোৱা বোমা বিস্ফোৰণত নিজৰ সোঁ ভৰিখন আৰু দুটি চকু হেৰুৱাইছিল। ফলত চিৰদিনৰ বাবে গগৈ হৈ পৰিল অন্ধ আৰু পংগু।
প্ৰৱল মনোবল আৰু উদ্যমী গুণকান্ত গগৈক মাৰোৱাৰী যুৱ মঞ্চ নামৰ জনকল্যাণকামী স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে কৃত্ৰিমভাৱে লগাই দিয়া ভৰিৰেই জীৱন-জীৱিকাৰ তাড়নাত পথাৰত ধান ৰোৱা, বাঁহৰ কাম কৰা, বাৰীত শাক-পাচলিৰ খেতি কৰা, কলগছৰ খেতি কৰা, চাইকেল মেৰামতি কৰা, পানীত বুৰ মাৰি মাছ ধৰা আদি কাম কৰিব কৰি আহিছে।
টোকাৰী গীত পৰিৱেশনতো গগৈৰ আছে বিশেষ পাৰদৰ্শিতা। বিস্ফোৰণত সোঁহাতৰ তিনিটা আঙুলি হেৰুৱাইয়ো তেওঁ সুন্দৰকৈ বজাব পাৰে ঢোল, খোল, নাগাৰা আদি বাদ্যযন্ত্ৰ।
দিনদিয়েক পূৰ্বে স্থানীয় টাইপাৰ কৰ্মীসকলে এখনি ফুলাম গামোচাৰে শুভেচ্ছা জনোৱাত আৱেগিক হৈ পৰে ফুটবল খেলুৱৈ গুণকান্ত গগৈ। উল্লেখযোগ্য যে, গুণকান্ত গগৈয়ে জিলা পৰ্যায় আৰু ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা ফুটবল খেলত দেখুওৱা পাৰদৰ্শিতাৰ বাবে পুৰস্কাৰ পাই সু-নাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
যি সময়ত চৰকাৰে বিশেষভাৱে সক্ষমসকলৰ বাবে ন ন আঁচনি ঘোষণা কৰিছে সেই সময়তে বিকলাঙ্গ হৈও শিৱসাগৰৰ ভিতৰুৱা গাঁৱৰ গুণকান্ত গগৈৰ দৰে বিৰল প্ৰতিভাৰ ব্যক্তিক চৰকাৰী সহায়ৰ পৰা বঞ্চিত কৰাতো পৰিতাপৰ কথা। কংগ্ৰেছ চৰকাৰৰ দিনতে ৯শ টকাৰ এটি অৰ্থ সাহাৰ্য পাইছিল যদিও বৰ্তমান চৰকাৰৰ ওচৰত আবেদন-নিবেদন কৰিও আজি পৰ্যন্ত কোনোধৰণৰ সহায়-সহযোগ লাভ নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক।
গুণকান্ত গগৈৰ পত্নীয়ে খেলুৱা উন্নয়ন খণ্ড কাৰ্যালয়ত অস্থায়ীভাৱে কাম কৰি মাহে ২৫০০ টকা পাই যদিও সেই টকাৰে কোনোমতে পেটে-ভাতে খাই জীয়াই আছে পৰিয়ালটো। পত্নীয়ে মাহে প্ৰথমে লাভ কৰা ৬০০ টকা বেতনৰ পৰিৱৰ্তে খণ্ড উন্নয়ন বিষয়াৰ দয়াত ২৫০০ টকাকৈ দিয়ে যদিও দুজনীকৈ কন্যা সন্তান পঢ়াই শুনাই বিয়া দিয়ে গুণকান্ত গগৈয়ে।
১৭ বছৰে ৰজাঘৰৰ পৰা খেলুৱৈ, শিল্পীৰ বাবে থকা বিশেষ সহায্যৰ ফুটা-কঢ়ি এটাও পাবলৈ সক্ষম নোহোৱা গুণকান্তই এতিয়াও বাট চাই থাকে ৰজাঘৰৰ পৰা কিবা অলপ সহাৰি পোৱাৰ আশাৰে। গুণকান্ত গগৈৰ দৰে এগৰাকী ব্যক্তিৰ বিৰল প্ৰতিভা থকাৰ পিছতো স্বীকৃতি দিবনে চৰকাৰে, দিবনে অৰ্থ সাহায্য। গুণকান্ত গগৈৰ গুণমুগ্ধ প্ৰতিজন চাউকৰাবাসী ৰাইজে আশাৰে বাট চাই ৰৈছে কোনো জনপ্ৰতিনিধিয়ে যাতে সহায়ৰ হাত আগবঢ়ায় দুৰ্ভগীয়া এইগৰাকী শিল্পীলৈ।