
কোকৰঝাৰঃ কোকৰাঝাৰ জিলাত মঙলবাৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷ জিলা খনৰ পৰ্বতঝোৰা, গোসাইগাঁও, কচুগাঁও, দোতমা আৰু কোকৰাঝাৰকে ধৰি পাঁচটা শিক্ষাখণ্ডত ১৪০টা মণ্ডল সমল কেন্দ্ৰৰ সৰ্বমুঠ ১৭৯৭ খন বিদ্যালয়ৰ ৯৮,৮৮৮ জন ছাত্ৰ-ছাত্ৰীয়ে গুণোৎসৱত অংশগ্ৰহণ কৰিব৷
জিলাখনত গুণোৎসৱত ২৯০ গৰাকী লিয়াচন অফিচাৰ, বহিঃ মূল্যায়ক ৬৩২ গৰাকীৰ ভিতৰত ধুবুৰীৰ ২২৮, চিৰাঙৰ ৫৮, কোকৰাঝাৰৰ ৩৪১জন আৰু সংৰক্ষিত বহিঃ মূল্যায়ণৰ বাবে ৬৬ জনক নিয়োগ কৰা হয়৷ ১১ অক্টোবৰত ৩৯,৯৬৫ জন, ১২ অক্টোবৰত ৩০,৯৪৯ জন, ১৩ অক্টোবৰত ২৭,৯৭৪ জন ছাত্ৰ-ছাত্ৰীয়ে গুণোৎসৱৰ পৰীক্ষাত অংশগ্ৰহণ কৰিব৷
গুণোৎসৱৰ ৰাজ্যিক পৰ্যায়ৰ বহিঃ মূল্যায়ণৰ বাবে কোকৰাঝাৰ শিক্ষাখণ্ডত আৰক্ষীৰ শীৰ্ষ বিষয়া তথা, আইন শৃংখলাৰ আইজিপি পৰেশ চন্দ্ৰ শালৈ, গোসাইগাঁওত প্ৰশাসনিক বিষয়া পাওৱাৰ নাৰ্সিং সামভাজি (আই এ এচ) কচুগাঁওত আৰক্ষী বিষয়া আনন্দ মিশ্ৰ( আই পি এচ), পৰ্বতঝোৰাত আৰক্ষী বিষয়া ওৱাই টি গ্যাটচু (আইপিএচ) আৰু দোতমাত বন প্ৰশাসনিক বিষয়া প্ৰান্তোষ ৰয় (আই এফ এছ)ক নিয়োগ কৰা হয়৷
জিলা নডেল বিষয়া লক্ষন দাসে জানিবলৈ দিয়া মতে বিটিএডিৰ শিক্ষা বিভাগৰ সঞ্চালক ৰবি শঙ্কৰ বৰগয়াৰী আৰু শিক্ষা সচিব ৰবিঞ্চন মুছাহাৰীয়ে আজি জিলাখনৰ কেবাখনো বিদ্যালয় পৰিদৰ্শন কৰে৷