কোকৰাঝাৰঃ সমগ্ৰ ৰাজ্যখনত শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ শিক্ষা বিভাগে এইবেলি অনুষ্ঠিত কৰিছে গুণোৎসৱ৷ সেয়ে গুণোৎসৱে প্ৰথম পৰ্যায়ত সফলতা লাভ কৰাৰ পিছত  যোৱা ১০ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ চাৰিদিনীয়াকৈ ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে৷ আজি গুণোৎসৱৰ সামৰণিৰ দিনটোত কোকৰাঝাৰ জিলাৰ পাচঁটা শিক্ষাখণ্ডত ১৪০ টা মণ্ডল সমল কেন্দ্ৰৰ সৰ্বমুঠ ১৭৯৭ খন বিদ্যালয়ৰ ৯৮,৮৮৮ জন ছাত্ৰ-ছাত্ৰীয়ে গুণোৎসৱত অংশগ্ৰহণ কৰে৷ 

জিলাখনত গুণোৎসৱে সাঙুৰি লোৱা বিদ্যালয় সমূহৰ চৌহদ আটক ধুনীয়াকৈ সজাই তুলি নিয়াৰিকৈ অনুষ্ঠিত কৰা গুণোৎসৱত ১১ অক্টোবৰত ৩৯,৯৬৫ জন, ১২অক্টোবৰত ৩০,৯৪৯ জন আৰু সামৰণিৰ দিনটোত অৰ্থ্যাৎ আজি ২৭,৯৭৪ জন ছাত্ৰ-ছাত্ৰীয়ে গুণোৎসৱৰ পৰীক্ষাত অংশগ্ৰহণ কৰে৷ জিলাখনৰ উল্লিখিত বিদ্যালয় সমুহৰ লগতে কোকৰাঝাৰ ১০৫৯ নং ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়, গৌৰাং এলপি স্কুল, চিম্বৰগাঁও হাইস্কুল, সদৰ চহৰৰ শান্তিনগৰৰ পাটশালা (বাংলা মাধ্যম) বিদ্যালয়তো গুণোৎসৱ নিয়াৰিকৈ পালন কৰি শিক্ষাপ্ৰেমী লোকৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে জিলাখনত গুণোৎসৱত ২৯০ গৰাকী লিয়াচন অফিচাৰ, বহিঃমূল্যায়ক ৬৩২ গৰাকীৰ ভিতৰত ধুবুৰীৰ-২২৮, চিৰাঙৰ ৫৮, কোকৰাঝাৰৰ ৩৪১ জন আৰু সংৰক্ষিত বহিঃমূল্যায়ণৰ বাবে ৬৬ জনক নিয়োগ কৰা হৈছে৷ তদুপৰি গুণোৎসৱৰ ৰাজ্যিক পৰ্যায়ৰ বহিঃমূল্যায়ণৰ বাবে কোকৰাঝাৰ শিক্ষাখণ্ডত আৰক্ষীৰ শীৰ্ষ বিষয়া তথা আইন শৃংখলাৰ আইজিপি পি চি শালৈ, গোসাইগাঁওত প্ৰশাসনিক বিষয়া পাওৱাৰ নাৰ্সিং সামভাজি (আইএএচ), কচুগাঁওত আৰক্ষী বিষয়া আনন্দ মিশ্ৰ (আইপিএচ), পৰ্বতঝোৰাত আৰক্ষী বিষয়া ওৱাই টি গ্যাটচু (আইপিএচ) আৰু দোতমাত বন প্ৰশাসনিক বিষয়া প্ৰান্তোষ ৰয় (আইএফএছ) নিয়োজিত হৈ আছে৷

উল্লেখ্য যে ৰাজ্যৰ শিক্ষা বিভাগে পোন প্ৰথমবাৰৰ বাবে শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা গুণোৎসৱৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে কেনে ফলাফল লাভ কৰে তথা বিদ্যালয়সমুহে কেনে গ্ৰেড লাভ কৰিবলৈ সক্ষম হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হিচাপে বিবেচিত হ’ব৷