
ধিঃ নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত কেইবাখনো বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচী সুনিৰ্দিষ্ট কাৰ্যক্ৰমনিকাৰ মাজেৰে অনুষ্ঠিত হয়৷ বটদ্ৰৱা চৰকাৰী বালক নিম্ন বুনিয়াদী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, মাতৃগোট আৰু অভিভাৱকসকল উপস্থিত থাকে৷ শিক্ষক-শিক্ষয়িত্ৰী সকলে দৃঢ়তাৰে কৰ্তব্য সম্পাদন কৰা পৰিলক্ষিত হয়৷
বিদ্যালয় খনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে জুৰিয়া মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ প্ৰাঞ্জুমনি শইকীয়া৷ আনহাতে পূৱ শান্তিজানপাৰ নিম্ন বালিকা বিদ্যালয়তো আজি গুণোৎসৱ অনুষ্ঠিত হয়৷ মৰিগাঁও জিলা গড়কাপ্তানি বিভাগৰ সহকাৰী অভিযন্তা বিদুৰ বৰগয়াৰীয়ে বিদ্যালয় খনৰ গুনগত শিক্ষাৰ মান উন্নত বুলি মত প্ৰকাশ কৰে৷
পৰিচালনা সমিতিৰ সভাপতি আব্দুল গাফাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে কিছু কৰণীয় আছে বুলি ব্যক্ত কৰে৷ বটদ্ৰৱা অঞ্চলৰ এই দুইখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশ সুৰক্ষা আৰু স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে৷