
জাজৰিঃ অসম চৰকাৰ আৰু সৰ্বশিক্ষা অভিযান মিছনৰ যৌথ উদ্যোগত প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷ শিশু শিক্ষাৰ মানদণ্ড, বিদ্যালয়ৰ আন্তঃগাঁথনি, শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ উপযুক্ত পৰিৱেশ মূল্যায়ণৰ বাবে যোৱা ১০ অক্টোবৰৰ পৰা ৰাজ্যৰ ১২ খন জিলাৰ দৰে নগাঁও জিলাতো অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷
নগাঁও জিলাৰ খাগৰিজান প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয় সমূহত গুনোৎসৱ উপলক্ষ্যে উছৱমুখৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ গুণোৎসৱ উপলক্ষ্যে সজাই পৰাই তোলা বিদ্যালয়ৰ পৰিৱেশে পৰিৱেশে ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রী তথা অভিভাৱক উৎসাহিত কৰি তুলিছে।
আজি নগাঁও জিলাৰ অতিকে পুৰণি শিক্ষানুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়তো গুণোৎসৱ আৰম্ভ হৈছে। পুৱা ৮-৩০ বজাত গুণোৎসৱৰ নিৰীক্ষক ৰূপজ্যোতি কলিতা বিদ্যালয়ত উপস্থিত হোৱাৰ পাছতে বিদ্যালয়ৰ শিক্ষক, পৰিচালনা সমিতিৰ বিষয়ববীয়া, আৰু ছাত্র-ছাত্রীসকলে তেখেতক উস্ম আদৰণী জনায়৷
ইয়াৰোপৰি জাজৰি অঞ্চলৰ কুঁজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাইদঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়তো উৎসৱমূখৰ পৰিৱেশৰ মাজেৰে গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে।