ফাইল ফটো
ফাইল ফটো

মুৰফুলনিঃ ৰাজ্যৰ ১৩খন জিলাত ৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ শনিবাৰে সামৰণি পৰে। গুণোৎসৱৰ বাবেই বিদ্যালয়সমুহো ন-ৰূপত সজাই তোলা হৈছিল। বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুপাতে শিক্ষকৰ অভাৱ, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হোৱা সত্বেও প্ৰতিখন বিদ্যালয়ে গুণোৎসৱক যাতে ভাল ফলাফল লাভ কৰিব পাৰে তাকে লৈ আৰম্ভ কৰিছিল ব্যাপক প্ৰস্তুতি।

ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ শৈক্ষিক উন্নয়ন সাধন কৰাৰ বাবে শিক্ষা বিভাগে আৰম্ভ কৰিছে গুণোৎসৱ৷ বিভিন্ন জিলাৰ লগতে গোলাঘাট জিলাৰ বিদ্যালয় সমূহতো অন্তিম দিনটোত ব্যাপক ব্যস্ততাৰে পাৰ কৰা পৰিলক্ষিত হয়৷ গোলাঘাট জিলাৰ মুৰফুলনী অঞ্চলৰ বিদ্যালয় সমূহো ব্যতিক্ৰম দেখা নগ’ল। মুৰফুলনি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অন্তিম দিনটোত ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলক পুৱাৰে ব্যস্ত হৈ পৰা দেখা গ’ল৷

অইন জিলা সমূহৰ দৰেই গোলাঘাট জিলাতো বিদ্যালয়সমূহ পৰিষ্কাৰ কৰি চকুত লগা কৰে বিদ্যালয় কৰ্তৃপক্ষই। গোলাঘাট জিলাখনৰ মুঠ ১৬৩৫ খন বিদ্যালয়ত অনুষ্ঠিত হৈছে গুণোৎসৱ। বহু ব্যস্ততাৰ মাজত ২০১৭ বৰ্ষৰ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ, অক্টোবৰ মাহত দ্বিতীয় পৰ্যায়ৰ আৰু ২০১৮ বৰ্ষৰ ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ অনুষ্ঠিত হল তৃতীয় পৰ্যায়ৰ গুণোৎসৱ।

NRCৰ খচৰা প্ৰকাশৰ বাবে বিষয়া কৰ্মচাৰী ব্যস্ত হৈ পৰাত বাৰে বাৰে পিছুৱাই দিব লগা হৈছিল৷ অৱশেষত জল্পনা-কল্পনাৰ অন্তত বুধবাৰৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে গুণোৎসৱ৷ ১৩ খন জিলাৰ ১৭,৮৮৪ খন নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সৰ্বমুঠ ১২,৩৭,৯২২গৰাকী ছাত্ৰ–ছাত্ৰীয়ে গুণোৎসৱত অংশ লয়৷ প্ৰথমে ৬-৯ নৱেম্বৰলৈ গুণোৎসৱৰ দিন ধাৰ্য কৰিছিল। এই দিন সলনি কৰি ৫-৮ ডিচেম্বৰলৈ তাৰ পিছত পুণৰাই ২৬-২৯ ডিচেম্বৰলৈ অনুষ্ঠিত কৰা দিন ঠিক কৰিছিল যদিও অৱশেষত এই দিনো সলনি কৰি চৰকাৰে এনআৰচিৰ খচৰা প্ৰকাশ হোৱাৰ পিছতহে অৰ্থাৎ ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ অনুষ্ঠিত কৰিলে গুণোৎসৱ৷