
বটদ্ৰৱা/জাজৰিঃ মহাপুৰুষ শ্ৰীশ্ৰীমন্ত শংকৰদেৱৰ ৫৬৯সংখ্যক জন্মজয়ন্তীৰ আজি তৃতীয় দিনাৰ মূল কাৰ্যসূচী ধৰ্মালোচনী সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতে। মূল সভাত অংশগ্ৰহণৰ পূৰ্বে বৰদোৱাৰ মূল কীৰ্তনঘৰত আশীষ লৈ নিৰ্মালি আৰু প্ৰসাদ গ্ৰহণ কৰি গুৰুজনাৰ পদশিলা দৰ্শন কৰে ৰাজ্যপালে।
বটদ্ৰৱা থানৰ আকাশীগংগাৰ পাৰৰ সভাগৃহত থান পৰিচালনা সমিতিৰ সভাপতি পৰমানন্দ দেৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মূখ্য অতিথিৰ ভাষণ ৰাখি ৰাজ্যপাল গৰাকীয়ে কয়, ‘‘ভাৰতীয় বৈষ্ণৱ সংস্কৃতি হেজাৰ বছৰ পুৰণি। মহাপুৰুষ শংকৰদেৱে হিন্দু সংস্কৃতিৰ আধাৰত অসমৰ বৈষ্ণৱ সংস্কৃতিৰে সমাজ সংস্কাৰ কৰাৰ লগতে মানুহৰ মাজত প্ৰচাৰ কৰিছিল।’’
থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে আদৰণী ভাষণ ৰখা সভাত নিৰ্দ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে নগালেণ্ডৰ বিশিষ্ট পণ্ডিত লমবিত বৰুৱাই অাৰু বিশিষ্ট অতিথি হিচাপে ভাষণ ৰাখে স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই।
২৯ ছেপ্তেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা গুৰুজয়ন্তীৰ আজি অন্তিম দিনা অগণন ভক্তৰ লানি নিচিগা সোতে গুৰুজনাৰ জন্মস্থান খনক দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত কৰে। আজি সন্ধা ৮ বজাত বৃহত্তৰ জাজৰি অঞ্চলৰ ৰাইজৰ দ্বাৰা ‘‘গয়াসুৰৰ তীৰ্থযাত্রা’’ ভাওনাখনৰ প্ৰদৰ্শনেৰে গুৰুজয়ন্তী উৎসৱ সামৰণি পৰিব।