
গুৱাহাটীঃ সমগ্র বিশ্বৰ লগতে অস্মিতা ফাউণ্ডেশনেও পালন কৰিলে আন্তর্জাতিক নাৰী দিৱস। শুকুৰবাৰে মহানগৰৰ নিবেদিতা ডান্স মিউজিক ও আর্ট স্কুলৰ (লাল গনেশ) উদ্যোগত আন্তর্জাতিক নাৰী দিৱস পালন কৰা হয়৷
এই উপলক্ষে বিগত এক মাহে ধৰি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্রী তথা মহিলাসকলৰ মাজত চিত্রাংকন প্রতিযোগিতা, লোক নৃত্য, আধুনিক নৃত্য, প’ষ্টাৰ তৈয়াৰ আদি বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হৈছিল।
সেয়ে বিভিন্ন বিদ্যালয়ৰ ছাত্র-ছাত্রী তথা মহিলাসকলে এই প্ৰতিযোগীতাত অংশগ্রহণ কৰে। কেৱল বিজয়ী সকলকে নহয়, শুকুৰবাৰে ইয়াৰ উপলক্ষে আটাইকে চাৰ্টিফিকেটসহ পুৰস্কাৰ প্রদান কৰা হয়।
উল্লেখ্য যে, এদিনীয়া উক্ত অনুষ্ঠানত ওয়াইডব্লিউসিএ জুনিয়ৰ কলেজেৰ অধ্যক্ষা ডঃ ইন্দিৰা দেবী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রবীণ অধিবক্তা সিদ্ধার্থ শংকৰ দে, অস্মিতা ফাউণ্ডেশনৰ সভাপতি দেবযানী পাটিকৰ, নিবেদিতা ডান্স মিউজিক আৰু আর্ট স্কুলৰ অধ্যক্ষা, অস্মিতা ফাউণ্ডেশনৰ কোষাধ্যক্ষা সুনিতা দত্তৰ লগত অনেক গণ্য মান্য ব্যক্তি এই এদিনীয়া অনুষ্ঠানটিত উপস্থিত আছিল৷