গুৱাহাটীঃ মহানগৰ উন্নয়নৰ লক্ষ্য আগত লৈ পানবজাৰ স্থিত গুৱাহাটীৰ পৌৰ নিগমৰ মুখ্য কাৰ্যলয়ত সোমবাৰে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক।গুৱাহাটীৰ পৌৰ নিগমৰ ভাৰপ্ৰাপ্ত মুখ্য আয়ুক্ত দেৱেশ্বৰ মালাকাৰৰ নেতৃত্বত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকে গুৱাহাটীৰ পৌৰ নিগমৰ অধীনৰ সকলোবোৰ বিভাগৰ বিষয়াসকল। আবেলি প্ৰায় ৪ বজাৰ পৰা সন্ধিয়া ৭ বজা লৈকে অনুষ্ঠিত হোৱা সোমবাৰৰ বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। লগতে গুৱাহাটী পৌৰ নিগমৰ অধীনৰ বিভাগ সমূহক দিয়া হয় কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

তাৰ ভিতৰত গুৰুত্বপূৰ্ণ নিৰ্দেশা হৈছে ২০১৮-১৯ বর্ষৰ যিসমূহ কাম পৌৰ নিগমৰ অধীনত বৰ্তমান সময়তো সম্পূৰ্ন হোৱা নাই, সেই সমূহ অহা তিনিমাহৰ ভিতৰত সম্পূৰ্ন কৰিবলৈ সকলো বিভাগকে নিৰ্দেশ প্ৰদান কৰা হৈছে। লগতে পৌৰ নিগমৰ অধীনত সম্পূৰ্ন হোৱাৰ প্ৰতিখন আঁচনিৰ কাম দায়িত্ব থকা কাৰ্যবাহী অভিযন্তা গৰাকীয়ে নিজে গৈ তাৰ প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব। 

সোমবাৰৰ বৈঠকত ২০১৯-২০ বর্ষৰ কাৰণে গুৱাহাটীৰ পৌৰ নিগমৰ প্ৰতিটো খণ্ডকে নিজৰ নিজৰ এলেকাৰ প্ৰয়োজনীয় আঁচনি সমূহৰ বিষয়ে অতি সোনকালে পৌৰ নিগমক অৱগত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। বৰ্তমান গুৱাহাটীৰ পৌৰ নিগমৰ ছয়টা ডিভিজন আছে। এই কথা আজি  জানিবলৈ দিয়ে গুৱাহাটীৰ পৌৰ নিগমৰ ভাৰপ্ৰাপ্ত মুখ্য আয়ুক্ত দেৱেশ্বৰ মালাকাৰে। আয়ুক্ত গৰাকীয়ে ইয়াৰ উপৰিও কয় যে মহানগৰবাসীৰ সুবিধাৰ বাবে ৰাজহুৱা শৌচালয় নিৰ্মাণ কৰাৰ বাবে খালি ঠাই চিনাক্ত কৰি তাৰ প্ৰতিবেদন দিবলৈ বিষয়া সকলক দায়িত্ব দিয়া হৈছে। উল্লেখ্য যে নতুনকৈ নিৰ্মাণ কৰিব লগা শৌচালয় সমূহত উপযুক্ত পানীৰ ব্যৱস্থাৰ থকাৰ লগতে ব্যৱহাৰ কৰাৰ সময়ত জনসাধাৰণে সামান্য ফ্ৰিজ দিব লাগিব। মহানগৰৰ বজাৰ সমূহতো ৰাজহুৱা শৌচালয় আৰু পানীৰ ব্যৱস্থা পৌৰ নিগমে কৰিব বুলি জানিবলৈ দিয়ে।

অসম চৰকাৰৰ প্লাষ্টিক বর্জনৰ আইনৰ অধীনত মহানগৰীতো প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰাৰ বাবে বিষয়া সকলক নিৰ্দেশনা প্ৰদান কৰা হৈছে। প্ৰথম অৱস্থাত গুৱাহাটীৰ পৌৰ নিগমৰ ফালৰপৰা সকলোকে পলিথিন ব্যৱহাৰ নকৰিবলৈ প্ৰচাৰৰ জৰিয়তে অৱগত কৰিব বুলি জানিবলৈ দিছে।তাৰ পৰৱৰ্তী সময়ত আইনৰ অধীনত পৌৰ নিগমে পলিথিন ব্যৱহাৰ কৰা ব্যৱসায়ী লগতে গ্ৰাহকৰ ওপৰতো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি জৰিমনা পয্যন্ত বিহা বাবে বৈঠকত সিদ্ধান্ত লোৱা হয়।

একেদৰে পৌৰ নিগমৰ অধীনৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে বৈঠকত কাৰ্যবাহী অভিযন্তা সকলক নিজৰ নিজৰ এলেকা সমূহ সুৰক্ষিত কৰি ৰখাৰ বাবে নির্দেশ প্ৰদান কৰা হয়। যদি এতিয়াৰপৰা কোনো গুৱাহাটীৰ পৌৰ নিগমৰ অধীনৰ ভূমি বেদখল হয় তেন্তে তাৰ বাবে সেই এলেকাৰ দায়িত্ব থকা বিষয়াজন দায়ী হ’ব।

বৈঠকত লোৱা আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে গুৱাহাটীৰ পৌৰ নিগমৰ প্ৰতিটো কাৰ্যলয়তে প্ৰতিদিনে সুবিধা অনুযায়ী বিষয়া সকল প্ৰতিদিনৰ কামৰ সন্দৰ্ভত এবাৰ বৈঠকত মিলিত হ’ব লাগিব। সেই অনুযায়ী গুৱাহাটীৰ পৌৰ নিগমৰ মুখ্য কাৰ্যলয়ত সদায় পুৱা ১০ বজাত পৌৰ নিগমৰ মুখ্য আয়ুক্তৰ নেতৃত্বত দিনটোৰ কৰিব লগা কামৰ সম্পৰ্কত বৈঠক অনুষ্ঠিত হ’ব।

মহানগৰীত পৌৰ নিগমৰ চাফাই কর্মী পৰ্যাপ্ত নথকাৰ বাবে বহু সময়ত পৌৰ নিগম সমালোচনা সন্মুখীন হয়। সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰৰ বৈঠকত প্ৰতিটো খণ্ডৰ অভিযন্তা সকলক নিজৰ নিজৰ এলেকাৰ প্ৰয়োজনীয় চাফাইকর্মী হিচাপ পৌৰ নিগমৰ ব্যক্তিগত খণ্ডক দাখিল কৰিবলৈ নির্দেশ প্ৰদান কৰে। সেই তথ্যৰ ভিত্তিত প্ৰয়োজনীয় চাফাই কর্মী অতি সোনকালে নিয়োগ কৰা হ’ব বুলি জানিবলৈ দিয়ে। বৰ্তমান সময়ত সমগ্ৰ মহানগৰীত ৫৮ টাকৈ বে-চৰকাৰী সংস্থাই জাৱৰ নিষ্কাৰষণত জড়িত হৈ আছে। সেই সমূহৰ বিৰুদ্ধে বহু সময়ত মহানগৰবাসীক পৰ্যাপ্ত সেৱা প্ৰদান নকৰে বুলি অভিযোগ আহে। তাৰ বাবে এতিয়াৰপৰা প্ৰতিটো বে-চৰকাৰী সংস্থাৰ কামৰ খতিয়ান প্ৰত্যেক ১৫ দিনৰ মূৰে মূৰে দায়িত্বত থকা কাৰ্যবাহী অভিযন্তাজনে মুখ্য কাৰ্যলয়ত দাখিল কৰিব লাগিব। যদি কোনো বে-চৰকাৰী সংস্থাৰ কামৰ খতিয়ান ভাল নহয় তেনে সংস্থা সমূহক কামৰ পৰা অব্যাহতি দিয়া হব বুলি উল্লেখ কৰে ।গুৱাহাটীৰ পৌৰ নিগমৰ নিয়ম অনুসৰি চাফাই কামত জড়িত থকা বে-চৰকাৰী সন্থা সমূহে সপ্তাহত দুটা দিন মংগলবাৰ আৰু শুকুৰবাৰে শুকান জাৱৰ নিয়াৰ উপৰিও সপ্তাহৰ প্ৰত্যেক দিনে অন্যান্য জাৱৰ নিবৰ বাবে তেওঁলোক আহিব লাগিব। ইয়াৰ উপৰিও পৌৰ নিগমৰ অধীনত এতিয়া কেৱল ফাঁচী বজাৰতহে ৰাতি চাফাই অভিযান চলে। কিন্তু এতিয়াৰপৰা মহানগৰৰ প্ৰায় সমূহ বজাৰ বিশেষকৈ বেলতলা বজাৰ, পল্টনবজাৰ আদিত ৰাতি চাফাই অভিযান চলিব।

আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে যে পৌৰ নিগমৰ আৱৰ্জনা কঢ়িওৱা বাবে বৰ্তমান সময়ত বাহনৰ পৰা আদি কৰি যি সমূহ সামগ্ৰী কম হৈ আছে, লগতে জনসাধাৰণক পানীৰ যোগানৰ ধৰাৰ বাবে যি পানী টেংকৰ সংখ্যা কম হৈ আছে সেই সমূহ সামগ্ৰীৰ ক্ৰয় কৰাৰ বাবে ষষ্ঠ বিত্ত আয়োগৰ অধীনত চৰকাৰৰ ওচৰত আৱেদন দাখিল কৰিব। লগতে মহানগৰ বাসীক ডেংগু, মেলেৰিয়া আদিৰ দৰে মাৰাত্মক ৰোগৰ পৰা ৰক্ষা দিবলৈ ষষ্ঠ বিত্ত আয়োগৰ অধীনত পৌৰ নিগমে নিজাববীয়াকৈ ফ্রগিং মেচিন ক্ৰয় কৰাৰ বাবে চৰকাৰক আৱেদন কৰিব। কাৰণ বৰ্তমান সময়ত কেৱল স্বাস্থ্য বিভাগৰ ফালৰ পৰাহে মহানগৰবাসীৰ বাবে কেৱল ফ্রগিং মেচিন ব্যৱস্থা কৰিছে। 

ইয়াৰ উপৰিও মহানগৰীত বহু ব্যৱসায় প্ৰতিষ্ঠান পৌৰ নিগমৰ অনুজ্ঞাপত্ৰ বিহীন ভাৱে গঢ় লৈ উঠিছে। সেই সমূহক নাকি লগাবৰ বাবে সমগ্ৰ মহানগৰীত পৌৰ নিগমে ব্যক্তিগত বজাৰ সমূহ পুনৰীক্ষণ কৰিব। সেই অনুসৰি বে-আইনী ভাৱে গঢ়ি উঠা মাৰ্কেট সমূহৰ বিৰূদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা বাবে বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰাৰ হয়।

সোমবাৰৰ বৈঠকত গুৱাহাটী পৌৰ নিগমে মহানগৰবাসীৰ বাবে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি যিসকলে ২০১৮ চনৰ জুনমাহৰ আগত অফলাইন পদ্ধতিত বিল্ডিং পাৰ্মিচন উলিয়াইছিল সেইসকলে যদি এতিয়াও সম্পূৰ্ণ প্ৰ-পত্ৰ দাখিল কৰা নাই তেওঁলোকৰ বাবে পৌৰ নিগমৰ ফালৰ পৰা অহা ১৪ আৰু ১৫ জুনত উজান বজাৰৰ পৌৰ নিগমৰ কাৰ্যলয়ত অফলাইন পদ্ধতিত বাকী থকা প্ৰ-পত্ৰ সমূহ দাখিল কৰি বিল্ডিং পাৰ্মিতৰ বিষটো এতিয়াও নিষ্পত্তি কৰাৰ বাবে এক সুযোগ প্ৰদান কৰিছে। সেই সুযোগতো যিয়ে প্ৰ-পত্ৰ সমূহ দাখিল নকৰিব তেওঁলোকৰ বিল্ডং পাৰ্মিত সম্পূৰ্ন কৰ্তন কৰি দিয়া হব।ফলত তেওঁলোকে পুনৰ অনলাইনৰ জড়িয়তে প্ৰথমৰ পৰা আৱেদন কৰিব লাগিব। 

উল্লেখ্য যে, আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে এতিয়াৰপৰা মহানগৰীত কেৱল অনলাইনৰ জৰিয়তে সম্পত্তিৰ কৰ সংগ্ৰহ কৰা হ’ব। পূৰ্বতে পৌৰ নিগমে ঘৰে ঘৰে গৈ সম্পত্তি কৰ সংগ্ৰহ কৰিছিল। ইফালে যিসকল ব্যক্তিয়ে ইণ্টাৰনেটত ব্যৱহাৰ কৰিব নাজানে সেই সকলৰ বাবে পৌৰ নিগমৰ ফালৰপৰা "হেল্প ডেক্সৰ" ব্যৱস্থা কৰিব। মহানগৰীক পৰিষ্কাৰ কৰি ৰখাৰ বাবে প্ৰতিখন দোকানৰ সন্মুখত দুটা ডাষ্টবিন এতিয়াৰপৰা ৰাখিব লাগিব বুলি জানিবলৈ দিয়ে। যিখন দোকানৰ সন্মুখত ডাষ্টবিনৰ ব্যৱস্থা নাথাকিব তেনে দোকানৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ লগতে ট্ৰেড লাইচেন্স পৰ্যন্ত বাতিল হ’ব বুলি উল্লেখ কৰে।
 
আগন্তুক অম্বুবাচী মেলা সন্দৰ্ভতো সোমবাৰৰ পৌৰ নিগমৰ বৈঠকত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত সেই অনুসৰি কামাখ্যা মন্দিৰলৈ যোৱা পথত পুৰ্বতকৈ বৃদ্ধি পাব ষ্টীট লাইট। লগতে অম্বুবাচী দিনকেইটাত পাইপৰ জৰিয়তে পানী যোগান ধৰিব। ইয়াৰ উপৰিও কামাখ্যা মন্দিৰ চাফাই বাবে ২৪ ঘণ্টা নিয়োজিত থাকিব চাফাই কর্মী। 

চাফাই কর্মী সকলক ৮ ঘণ্টাকৈ তিনিটা চীফত ভাগ কৰি দিয়া হব। প্ৰথমটো চীফ পুৱা ৬ বজাৰ পৰা দিনৰ ২ বজালৈ, দ্বিতীয়টো চীফ দিনৰ ২ বজাৰ পৰা ৰাতি ১০ বজালৈ আৰু তৃতীয়তো চীফ ৰাতি ১০ বজাৰপৰা পুৱা ৬ বজালৈ। ইফালে প্ৰতি ১০ গৰাকীৰ চাফাই কর্মীৰ নেতৃত্বত উক্ত দিন কেইটাত এজনকৈ চুপাৰভাইজাৰ থাকিব বুলিও উল্লেখ কৰে পৌৰ নিগমৰ মুখ্য আয়ুক্ত গৰাকীয়ে।