11
Jun
2019

গুৱাহাটীঃ মহানগৰীৰ চন্দ্ৰপুৰত ফুৰিবলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি জাগীৰোড কলেজৰ দুই ছাত্ৰ আৰু চন্দপুৰ কলেজৰ এগৰাকীৰ ছাত্ৰী।
মৃত ছাত্ৰ-ছাত্ৰী তিনিগৰাকীৰ হৈছে ক্ৰমে ৰঞ্জন ডেকা ,ভাৰ্গৱ ডেকা আৰু তৃষ্ণা কলিতা। জানিব পৰা মতে, ছাত্ৰ ৰঞ্জন ডেকা ঘৰ মৰিগাঁও গৌৰীপুৰত আৰু ভাৰ্গব ডেকাৰ ঘৰ মায়াঙৰ কালিশিলা পাৰ গাঁৱত।
পাঁচগৰাকী বন্ধু-বান্ধৱী ফুৰিবলৈ আহিছিল চন্দ্ৰপুৰৰ তাতিমাৰাৰ তপোবনত। তাৰ পাছতে তিনিজনে জাপ দিয়ে ব্ৰহ্মপুত্ৰত। ইফাল, ঘটনা সংঘটিত হোৱাৰ পাছতে এনডিআৰএফ আৰু এছডিআৰএফে উদ্ধাৰ অভিযান চলায় মৃত অৱস্থাত উদ্ধাৰ কৰে দুই ছাত্ৰক। কিন্তু এতিয়াও সন্ধান নাই চন্দপুৰ কলেজৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বর্ষৰ ছাত্ৰী তৃষ্ণা কলিতা। ঘটনা সংঘটিত হোৱা স্থানত প্ৰাগজ্যোতিষপুৰ থানা আৰক্ষীৰ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।