
গুৱাহাটীঃ ফেচবুকত চাৰিজন মানুহৰ নাম লিখি ৰঙাঘৰৰ আলহী হ’ল এগৰাকী শিক্ষক৷ প্ৰভাৱশালী চাৰিগৰাকী লোকৰ নামৰ সৈতে লোকগৰাকীয়ে আপলোড কৰিছিল এখন ফটো আৰু ভিডিঅ’৷ কেপচন সহিতে ফটো আৰু ভিডিঅ’ আপলোড কৰাৰ পিছতে ৰাজ্যজুৰি হৈ চৈ লাগে৷
"সমুজ্জ্বল ভট্টাচাৰ্য, দীপাংক নাথ, লুৰিণজ্যোতি গগৈ আৰু জাগীৰোড সমষ্টিৰ বিধায়ক পিযুষ হাজৰিকা আদি ডাঙৰীয়া সকলৰ শ্ৰীচৰণত ফটো দুখন আৰু ভিডিঅ দুটা নিবেদিলো। আমি অসমৰ ৰাইজ বৰ বুৰ্বক হৈ আছো নেকি হে? সিদ্ধান্ত অসমৰ ৰাইজলৈ এৰিলো৷"
এই খিনি কথা লিখিছিল মানুহগৰাকীয়ে৷ মানুহগৰাকীয়ে আপলোড কৰা ফটোখনত দেখা গৈছে এটি কোঠাৰ দুৱাৰখন খোলা আছে৷ কোঠাটোৰ ভিতৰত এখন দেৱালত আওজাই থোৱা আছে বাঁহৰ লাঠীত লগােৱা কেইখনমান পোষ্টাৰ৷
পোষ্টাৰ কেইখনত আছে কেইটামান শ্ল’গান৷ দেৱালত আওজাই থোৱা পোষ্টাৰত টেট শিক্ষয়িত্ৰীক কৰা হাৰাশাস্তিৰ বন্ধ হওঁক, বজৰং দল জিন্দাবাদ, নাৰীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি শ্ল’গান লিখা আছে৷ আনহাতে কোঠাটোৰ দুৱাৰৰ ওপৰ ফালে লিখা আছে ‘কাৰ্যালয়, জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থা’ বুলি৷
মানুহগৰাকীয়ে ফেচবুকত নিজৰ টাইমলাইনত এনেধৰণৰ ফটোখন আপলোড কৰাত ব্যাপক চৰ্চালৈ আহে ফটোখন৷ মানুহগৰাকীয়ে ফেচবুকত ফটো খন আপলোড কৰাৰ লগে লগে বহু লোকে শ্বেয়াৰ কৰে৷
আন একাংশ লোকে মানুহগৰাকীৰ একাউন্টৰ পৰা ফটো খন ডাউনলোড কৰি নিজৰ নিজৰ ফেচবুক টাইমলাইনত আপলোড কৰি উত্থাপন কৰে নানা প্ৰশ্ন৷
ৰাজ্যৰ অন্যতম শক্তিশালী জাতীয়তাবাদী সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ ভিতৰত বজৰঙ দলৰ পোষ্টাৰ থকা পৰিলক্ষিত হৈছিল ফটোখনত৷ তাৰ পাছতে শ শ লোকে আছুক লৈ বিভিন্ন ধৰণে প্ৰশ্ন কৰে৷
জাতীয়তাবাদী সংগঠন এটাৰ কাৰ্যালয়ত কট্টৰ হিন্দুত্ববাদী সংগঠনৰ পোষ্টাৰ কেনেকৈ আহিল বুলি উভতি ধৰে৷ শুকুৰবাৰে বজৰং দলৰ পোষ্টাৰ থকা আছুৰ কাৰ্যালয়ৰ আলোকচিত্ৰ ভাইৰেল হোৱা ফটো-ভিডিঅ’ সন্দৰ্ভত শনিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হয় আছুৱে৷
সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ ভিতৰত বজৰঙৰ পোষ্টাৰ থকা আলোকচিত্ৰ ফেচবুকত ভাইৰেল হৈ পৰাত আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুক বদনাম কৰাৰ ষড়যন্ত্ৰ কৰা বুলি কয় আছুৱে৷ আলোকচিত্ৰ ঘটনাই ৰাজ্যজুৰি হৈ চৈৰ সৃষ্টি কৰাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি ঘটনাৰ তদন্তৰ দাবী জনায় সংগঠনটোৱে৷
শনিবাৰে মৰিগাঁও জিলা আছুৱে মৰিগাঁৱৰ আৰক্ষী অধীক্ষকক সংগঠনটোৰ পেডত এজাহাৰ দাখিল কৰি ঘটনাৰ তদন্ত কৰাৰ দাবী জনায়৷ সংগঠনটোৱে জাগীৰোডৰ কলা মন্দিৰৰ সমীপৰ আছুৰ অস্থায়ী কাৰ্যালয়ত কোনো দুস্কৃতিকাৰীয়ে বজৰং দলৰ বিভিন্ন পোষ্টাৰ পৰিকল্পিত ভাবে থৈ ফটো তুলি ছছিয়েল মিডিয়াত প্ৰচাৰ কৰা কাৰ্য গৰিহণাৰ যোগ্য বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷
জনমানসত সদৌ অসম ছাত্ৰ সন্থাৰ ভাৱমুৰ্তি ম্লান কৰাৰ কুটিল ষড়যন্ত্ৰ ৰচনা কৰি আছুৰ প্ৰতিবাদী কন্ঠ ৰোধ কৰাৰ অপচেষ্টা বুলি কয় জাতীয়তাবাদী সংগঠনটোৱে৷ আছুই এনে কাণ্ড কেতিয়াও সহ্য নকৰো বুলি স্পষ্ট কৰি ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায় জিলাৰ আৰক্ষী অধীক্ষকক৷
আছুই এজাহাৰ দাখিল কৰাৰ পিছতে মৰিগাঁও আৰক্ষী ঘটনাৰ তদন্ত আৰম্ভ কৰে৷ ফেচবুকত কোনে প্ৰথম ফটো-ভিডিঅ’ আপলোড কৰিছে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে৷ তাৰ পাছতে নলবাৰী আৰক্ষীৰ সহযোগত মৰিগাঁও আৰক্ষীয়ে নলবাৰীৰ জিলাৰ পৰা জ্ঞানেন চক্ৰবৰ্তী নামৰ লোকজনক আটক কৰে৷
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা সমিতিৰ আহ্বায়ক, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সৈতে জড়িত জ্ঞানেন চক্ৰবৰ্তী ৰাইটকুছি মজলীয়া বিদ্যালয়ৰ শিক্ষক বুলি জানিব পৰা গৈছে৷ নলবাৰী চহৰৰ সমীপৰ বৰবৰীত ঘৰ যদিও জ্ঞানেন চক্ৰবৰ্তী নলবাৰী চহৰত ভাড়াতীয়া হিচাপে থাকে৷
আৰক্ষীয়ে নলবাৰী চহৰৰ ভাড়াঘৰৰ পৰাই প্ৰায় ৮ বজাত আটক কৰি স্বাস্থ্য পৰীক্ষা কৰি দহ বজাত মৰিগাঁৱলৈ লৈ আহে৷ মৰিগাঁও আৰক্ষীয়ে তেওঁক জেৰা অব্য়াহত ৰাখিছে যদিও মৰিগাঁৱৰ পৰা ফটো কোনে যোগান ধৰিছিল সেই কথা এতিয়ালৈ স্পষ্ট হোৱা নাই
আছুৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি মুন ঠাকুৰিয়াই দেওবাৰে জাগীৰোডত উপস্থিত হৈ জ্ঞানেন চক্ৰবৰ্তীৰ বিৰুদ্ধে অসামাজিক কামত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে জড়িত থাকি কৈনেকৈ শিক্ষকতা কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে৷
অসামাজিক কামত লিপ্ত থকাৰ বাবে পুৰ্বেও জ্ঞানেনে চাকৰিৰ পৰা নিলম্বিত হৈছিল বুলি অভিযোগ কৰি আছু সভাপতি ঠাকুৰিয়াই এই ঘটনাৰ সৈতে জড়িত সকলো লোকক উচিত শাস্তি দিয়াৰ দাবী জনায়৷
সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি আৰু মৰিগাঁও জিলা সমিতিয়ে জ্ঞানেন চক্ৰবৰ্তিৰ বিৰুদ্ধে অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰি উচিত শাস্তিৰ দাবী কৰাৰ সময়তে ৰাজ্যৰ শ শ যুৱকে জ্ঞানেন নামৰ লোকজনৰ সপক্ষে থিয় দিয়া পৰিলক্ষিত হৈছে৷ একাংশ যুৱকে নিজৰ নিজৰ ফেচবুকত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাক উভতি ধৰে৷
দীপেন কলিতাই নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "জ্ঞানেন চক্ৰৱৰ্তী আৰু অখিল গগৈ গ্ৰেপ্তাৰ কৰি চৰকাৰে জাতীয়তাবাদী সত্তাক ধবংসৰ পৰিকল্পনা কৰিছে নেকি। কেতিয়াও আপোনালোকৰ চক্ৰান্ত সফল হব নোৱাৰে তেনে অখিল গগৈ আৰু জ্ঞানেন চক্ৰৱৰ্তী অসমত বহুতো আছে। আপোনালোকৰ চৰকাৰে যেতিয়া অসমত গাডী দখল কৰা নাছিল তেতিয়া অসমৰ মানুহক কি কৈছিল ভালদৰে মনত কৰকচোন। গাডী পাই অসমৰ জনতাক যিকোনো কাম কৰিব পাৰে আৰু আপোনালোকৰ জাতি, মাটি, ভেটি কথাবোৰ মনত আছেনে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মানুহ বিলাকে কেতিয়াও আপোনালোকৰ মিছা কথাত মাত মতাত ভয় নকৰে। আপোনালোকে আৰু কিমান মিছা মাতিব। কিমান মানুহ জেললৈ নিব।"
মুন অসমে নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "এসময়ৰ মানৱ অধিকাৰ ৰক্ষাৰ কৰ্মী জ্ঞানেন চক্ৰৱৰ্তী ককাইদেউক গ্ৰেপ্তাৰ কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। জাতীয়তাবাদী সত্তাক ধ্বংসৰ পৰিকল্পনা কৰি আপোনাকে কি বুজাব বিচাৰিছে? অসমৰ জনগনে কেতিয়াও আপোনালোকৰ চক্ৰান্ত সফল হব নিদিয়ে। AGP আৰু BPF দলে জনগণৰ স্বাৰ্থত সমৰ্থন প্ৰত্যাহাৰ কৰক। ক্ষমতাৰ বাবে ইমান তললৈ নাযায় যেন! ভাৰতীয় সংবিধানত থকা ন্যায় (দেশৰ নাগৰিকৰ বাবে) শব্দটোৰ সম্পূৰ্ণ বিপৰীতে কাম কৰি আছে এই চৰকাৰে। ক্ষমতা আৰু বাক স্বাধীনতা হৰণ কৰাৰ অধিকাৰ কোনে দিলে? সংবিধান খন TV চিৰিয়েল বুলি ভাৱিছে নে এই চৰকাৰে? যে মন গলেই নিজৰ মতে বনাই লব?"
মুকুল আহোম শিৱসাগৰীয়া নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "জ্ঞানেন চক্ৰৱৰ্তীৰ অপৰাধ কি? তেও ভিডিঅ’টো ৰাজহুৱা কৰা বাবে অপৰাধ নেকি? আছুৰ মতে পোষ্টাৰ আৰু প্লে-কাৰ্ড ৰাখি থৈ ভিডিঅ কৰিছে আছুৰ বদনাম আনিবলৈ। তেখেতে নলবাৰীৰ পৰা অহা নাছিল পোষ্টাৰ ৰাখি ভিডিঅ’ কৰা নাছিল। কত পাইছিল সকলো পোহৰলৈ আহিলেই ক'ত কি কিয় বিখ্যাত ওলাই পৰিব। জয় আই অসম।"
এক্সিভাৰ হুজাতে নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "আছু আৰু বজৰং দলৰ গোপন বুজাবুজিৰ কথা জ্ঞানেন চক্ৰৱৰ্তী ডাঙৰীয়াই ৰাজহুৱা কৰাৰ এদিন পিছত আৰক্ষীৰ ওচৰত এজাহাৰ৷ আৰু হঠাৎ গ্ৰেপ্তাৰ চক্ৰৱৰ্তী দেৱক"৷
একে হালৈ মিন্টু নলবৰীয়াই নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "প্ৰতিবাদী কন্ঠ ৰুদ্ধ কৰাৰ কৌশল৷ হাত উজান দিছে চৰকাৰে৷ জ্ঞানেন দাক মুকলি কৰি দিয়ক৷"
প্ৰবাল কুমাৰ কলিতাই নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "গৌৰবোজ্বল ইতিহাসৰ কথা কোৱা আছুৱে যদি জ্ঞানেন চক্ৰবৰ্তীক মোকলাই নানে তেন্তে আছুৰ ইতিহাসত ই এক কলা দাগ পৰিব৷ সময় থাকোতেই সমুদা হত শুধৰিলে ভাল৷ ৰাইজে অলেখ লেখ চাই আছে৷"
চাইদুল ইছলামে নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "জ্ঞানেন চক্ৰবৰ্তিৰ গ্ৰেপ্তাৰ চূড়ান্ত অসহিষ্ণুতাৰ ফল৷ আছুৱে ক্ষমা খোজক৷ বজৰঙ্গী আছু বুলিব ৰাইজে৷"
বিপ্লৱ বৰুৱাই নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "প্ৰতিবাদী আৰু সমালোচকৰ কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰা এই ফেচিষ্ট চৰকাৰ লেই লেই চেই চেই। শেহতীয়াকৈ অখিল গগৈ আৰু জ্ঞানেন চক্ৰৱৰ্তীৰ গ্ৰেপ্তাৰৰ ঘটনাই চৰকাৰৰ মানৱ বিৰোধী আৰু অগণতান্ত্ৰীক চৰিত্ৰই পোহৰলৈ আনে৷ Inquilaab_Zindabaad৷"
তফিকউদ্দিন আহমেদে নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "অসমত কি মত প্ৰকাশৰ সংবিধান প্ৰদত্ত অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে নেকি চৰকাৰে? জ্ঞানেন চক্ৰৱৰ্তী দাদাক গ্ৰেপ্তাৰ কৰি চৰকাৰে নিজেই নাঙঠ হৈছে। অখিলৰ পিছত জ্ঞানেনদা আৰু কিমানজন অসমীয়াক গ্ৰেপ্তাৰ কৰিব? হাজাৰ হাজাৰ অসমীয়া ওলাই আহিব জাতিৰ স্বাৰ্থত। আজি আকৌ এবাৰ কওঁ বহুত জাতীয় সংগঠনৰ তথাকথিত নেতাতকৈ বহুত গুণে বেছি জাতীয়তাবাদী জ্ঞানেন দা। বহুতৰ মুখা খুলি দিলে আৰু বহুতৰ গোপন সম্পৰ্ক ফাদিল কৰিলে জ্ঞানেন দাই।"
বিজয় ফুকনে নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "মুন ঠাকুৰীয়া, ঘনেন্দ্ৰ কুমাৰ নাথ মুৰ্দাবাদ। আছুৱে জাতীবিৰোধী কৰ্মত লিপ্ত হৈছে যেন গোন্ধাইছে যাৰ বাবে কালি সন্ধিয়া নলবাৰী আৰক্ষীয়ে জ্ঞানেন চক্ৰৱৰ্তী দাদাক গ্ৰেপ্তাৰ কৰিছে। অখিল দা,জ্ঞানেন চক্ৰৱৰ্তীৰ দৰে প্ৰতিবাদী কণ্ঠৰ জুই নুমুৱাবলৈ চেষ্টা কৰিলে তেনেকুৱা হাজাৰ হাজাৰ অগ্নিপিণ্ড জন্ম হব। অসম আন্দোলনৰ সময়ৰ আছুৰ প্ৰতি সন্মান জনাইহে আছু মুৰ্দাবাদ বুলি কোৱা নাই, অতীতৰ অৱদান নথকা হেতেন হয়তো ওলাই গলহঁতেন মুখৰ পৰা, কিন্তু ৰাইজে মনত বৰ্তমানৰ আছুৰ নেতাসকলৰ আদ্যশ্ৰাদ্ধৰ যা-যোগাৰ চলাইছে। ধিক এই নেতাসকল কেইটামান টকাৰ বাবে মাককো বিক্ৰী কৰিবলৈ ওলাইছে ধিক ধিক। লাজ নালাগেনে কলাগুৰুৰ দৰে বীৰ জনৰ সন্মুখত এনে কৰিবলৈ? বজৰং দলৰ বাবে নিজৰ কাপোৰ হেন ফলক কেইখনো তলত সুমুৱাই দিলি।"
মনোজ কুমাৰ নাথে নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "জ্ঞানেন চক্ৰৱৰ্তীৰ অপৰাধ কি? আকৌ গুপ্ত হত্যাৰ পৰিকল্পনা কৰিছে নেকি?"
পৰশমণি হাজৰিকাই নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "এসময়ৰ মানৱ অধিকাৰ কৰ্মী জ্ঞানেন চক্ৰৱৰ্তী দাদাক কি গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে?"
সমীৰ চেভেন নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "যোৱাকালি ৰাতি ৮.৩০ মান বজাত জ্ঞানেন চক্ৰৱৰ্তী ডাঙৰীয়াক নিজা বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল। এনেদৰে আৰু কিমান প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব চৰকাৰে? তেখেতক নিঃচৰ্তে মুকলি কৰাৰ বাবে চৰকাৰক অনুৰোধ কৰিছো। এনেদৰে যদি চলি থাকে, তেনেহলে মানুহে অসমত জৰুৰীকালীন সময় চলি থকা বুলি ভাবিবলৈ ল'ব।"
আশ্ৰফুল হুছেইনে নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "১/ জ্ঞানেন চক্ৰৱৰ্তীয়ে অগণতান্ত্ৰিক কিবা কৰিছে বুলি বিশ্বাস নহয়, যিমানদুৰ জানোঁ ফেচিষ্ট শোষণৰ বলি হ'ল চক্ৰৱৰ্তী, আমি তেওঁৰ সৈতে অৱস্থান গ্ৰহণ কৰিছোঁ। ২/ আছুৰ কাৰ্যালয়ত বজৰং দলৰ প্লেকাৰ্ড। মৰিগাঁও জিলা আছুৰ বিবৃতি এটি মিথ্যাচাৰৰ বাহিৰে আন একো ভাবিব নোৱাৰি। আদৰ্শহীন সংগঠন সমূহৰ এইটোৱেই প্ৰব্লেম। ৩/ অখিল গগৈৰ লগতে ১২জনৰ বিৰুদ্ধে একেই ধাৰাৰ একেই গোচৰ লোৱা হৈছে। অখিল গগৈয়ে অস্ত্ৰ লোৱাৰ কথা কৈয়েই গ্ৰেপ্তাৰ অথচ আৰ এছ এছে মুকলি প্ৰশিক্ষণ লৈও চৰকাৰী উৎসাহ মূলক মন্তব্যৰ হে পাত্ৰ হয়। এই যে বাকী ১২ জনৰ বিৰুদ্ধে পুলিচে নিজাববীয়া কৈ গোচৰ ললে, তেওঁলোকে বাৰু কেতিয়া অস্ত্ৰ লোৱাৰ কথা কলে যে একেই ধাৰাত গোচৰ আৰু একাংশই গ্ৰেপ্তাৰ হ'ল?
জনগণ, চৰকাৰখন ফেচিষ্ট হলে এয়াই হয়। আমি সকলোৱে ফেচিবাদ-হিটলাৰবাদৰ বিৰুদ্ধে জাগ্ৰত হ'বই লাগিব।"
সুমন ধিমান অধিকাৰীয়ে নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "আছুক বিজেপিৰ B টিম বুলি মানুহে সন্দেহ কৰিছিল৷ জ্ঞানেন চক্ৰৱৰ্তী দেৱৰ গ্ৰেপ্তাৰৰ লগে লগে প্ৰমাণিত হ’ল৷"
ৰীতা খনিকৰে নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "কালি ৰাতি নলবাৰীৰ নিজা বাসভৱনৰ পৰা মুক্ত প্ৰতিবাদী কন্ঠৰ জ্ঞানেন চক্ৰৱৰ্তী দাদাক পুলিচে গ্ৰেপ্তাৰ কৰে। শুনামতে আছু আৰু বজৰং দলৰ ভিডিঅ’টো আপলোড কৰাৰ দোষত তেখেতৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে। বহুজনে সেইটো ভিডিঅ’ শ্বেয়াৰ কৰিছে। নিজৰ কুকৰ্ম ঢাকিবলৈ আছুৱে আৰু কিমান জনক জেলত ভৰাব? আগতে নিজকে নিকা কৰি দেখুওৱাক। যিবোৰ দৃশ্য আমি দেখিলোঁ সেইবোৰ মিছা বুলি প্ৰমাণিত কৰক, যদিহে সেইবোৰ প্ৰকৃততে মিছা। আজি আছুক সচাঁকৈ মই মোৰ ফালৰ পৰা RIP AASU জনালোঁ। ভবিষ্যতে আছুৰ হৈ মই কোনোদিনেই কোনো প্ৰতিবাদত ভাগ নলওঁ। অতি সোনকালেই জ্ঞানেন চক্ৰৱৰ্তী দাদাক নিঃচৰ্তে গোচৰ মুক্ত কৰি আছুৱে দেখুৱাই দিয়ক আছু যে অসমৰ জনসাধাৰণৰ বাবে, আছু বজৰংগ দলৰ লগত জড়িত নহয়।"
মইনুদ্দিন আহমেদ শইকীয়াই নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "যোৱাকালি সন্ধিয়া ৮.৩০ বজাত প্ৰাক্তন মানৱাধিকাৰ কৰ্মী তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা আহ্বায়ক সমিতিৰ উপদেষ্টা জ্ঞানেন চক্ৰৱৰ্তী ডাঙৰীয়াক নলবাৰী আৰক্ষীয়ে নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। এনেদৰে প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ চেষ্টা কৰাটো শাসক পক্ষৰ স্বেচ্ছাচাৰিতাৰ পৰিচায়ক। তেখেতৰ নি:স্বৰ্ত মুক্তিৰ দাবী জনালোঁ।"
ৰিমা বৰাই নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "জ্ঞানেন চক্ৰৱৰ্তীক এই ভিডিঅ দুটা শ্বেয়াৰ কৰাৰ বাবেই গ্ৰেপ্তাৰ কৰা হল? আছুৰ এই সন্দৰ্ভত মন্তব্য কি? চক্ৰৱৰ্তীৰ বিৰুদ্ধে আছুৱে গোচৰ দিছিলনে?"
ৰাকেশ চক্ৰৱৰ্তীয়ে নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "এটা জাতীয় আৱেগৰ লগত জড়িত ঘটনাৰ সত্যা সত্য নিৰূপনৰ চেষ্টা কৰাৰ বাবেই জ্ঞানেন দাক গ্ৰেপ্তাৰ কৰা হ’ল। অতি গৰিহণা যোগ্য কথা। জাতি মাতি ভেটিৰ সোৱাদ দিবলৈ ভালকৈয়ে আৰম্ভ কৰিছে।"
মৃদুল হ’কে নিজৰ ফেচবুকৰ টাইমলাইনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "আছুক তৈলমৰ্দন কৰিবলৈ জ্ঞানেন চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ। আছুক ধ্বংস কৰাৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছে কট্টৰ হিন্দুত্ববাদী সংগঠনে। জ্ঞানেন চক্ৰৱৰ্তী ডাঙৰীয়াৰ গ্ৰেপ্তাৰৰ ঘটনাতো অতি নিন্দনীয়। তেখেতে কোনো আপত্তিজনক মন্তব্য কৰা নাছিল। তেও ফটো আৰু ভিডিঅ’টো আপলোড কৰি আছুৰ পৰাহে সত্যতা হয়নে নহয় সেয়া স্পষ্টিকৰণ বিছাৰিছিল। আজি টিভি চেনেলতো সেই বাতৰিতো সম্প্ৰচাৰ হৈছে তাত স্বয়ং আছুৰ সভাপতি দিপাংকৰ দাই নিজেই তাক গৰিহনা দি মৰিগাও জিলাৰ দুই কেন্দ্ৰীয় প্ৰতিনিধিক কৈফিয়ৎ তলব কৰাৰ কথা উল্লেখ কৰিছে। ইয়াৰ পিছতে আৰক্ষীয়ে কি যুক্তিত তেওক গ্ৰেপ্তাৰ কৰিছে। বাঃ অসম আৰক্ষী বাঃ, চাব্বাচ।"