বিহালীঃ বুধবাৰে বিশ্বনাথ চাৰিআলিৰ ১নং ৱাৰ্ডৰ কোচগাঁওত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় তথা অলিম্পিক দৰে প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিব পৰাকৈ খেলুৱৈ সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখি আন্তৰ্জাতিক খ্যাতি সম্পন্ন সমৰকলা খেলুৱৈ হৃদয়ানন্দ দাসৰ এক অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰা হয়।

জিলা ক্ৰীড়া বিষয়া মনোৰমা দাসে দ্বাৰ মুকলি কৰা কেন্দ্ৰটোত যুৱ নেতা দিব্যজ্যোতি বৰুৱাৰ সভাপতিত্বত আৰু মানস গোস্বামীৰ পৰিচালনাত এখন উদ্ধোধনী সভা অনুষ্ঠিত হয়।

সভাত ডাঃ বিকাশ চৰকাৰ, স্বপ্না বৰা দাস, নন্দিতা বৰা, দিলীপ গুজুৰেল আদিকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিৰ লগতে ছাত্ৰ-ছাত্ৰী, প্ৰশিক্ষণাৰ্থী অভিভাৱক উপস্থিত থাকে৷

কেন্দ্রটিত শৰীৰৰ চৰ্চাৰ লগতে বিভিন্ন নৃত্য আদিৰে বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে শাৰীৰিক ব্যয়ামৰ প্ৰশিক্ষণ দিয়া হব৷ এই কেন্দ্ৰটি দ্বাৰা জিলাখনৰ শিশু, যুৱক-যুৱতী, মহিলা তথা বিভিন্ন ধৰণৰ শাৰিৰীক অক্ষম ৰোগীমসকল উপকৃত হব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে৷