
বেতবাৰীঃ ৰাজ্যত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰায় ৭০ গৰাকী লোকে অকালতে মৃত্যুক আকোৱালী ল’ব লগা হোৱাৰ পাছতো সজাগ নহয় বিভাগটোৰ বিষয়া-কৰ্মচাৰী৷ ছিঙি তাৰ হাবি, জংঘল, পানীত পৰি থকাৰ ফলত ইমান খিনি লোকৰ মৃত্যু হয়৷ তাৰ পাছতো ৰাজ্য চৰকাৰ সজাগ নতুবা সচেতন ন’হল৷
আজিও কাঠ-বাঁহৰ খুঁটাত আজিও বিদ্যুৎ পৰিবাহী তাৰ টানি বিদ্যুৎ সৰবৰাহ কৰি আহিছে বিভাগটোৱে। শিৱসাগৰ বিদ্যুত সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন ঠাইত আজিও মামৰে ধৰা তাৰ হালি থকা বিদ্যুতৰ খুঁটাৰে কাম চলাই গৈছে বিভাগটোৱে৷ গড়গাঁও বিদ্যুত সংমণ্ডলৰ অন্তৰ্গত বন আৰু লতাৰে আৱৰি জৰাজীৰ্ণ হৈ আছে এটি ট্ৰেঞ্চফৰ্মাৰ৷
কোন মুহূৰ্তত চৰ্ট চাৰ্কিট হ'ব পাৰে, বাঁহেৰে ঠেকা দিয়া বিদ্যুতৰ খুটাও হালি পৰিব পাৰে তাৰো কোনো নিশ্চয়তা নাই। শ শ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ বাবে নিতৌ অহা-যোৱা কৰে বিপদসংকুল ভাবে।
ঠিক তেনেকৈ চেঙেলীবাৰী আৰু হাৰিপৰা আলি সংযোগী পথৰেও হালি থকা খুঁটাক তলেৰে হাজাৰ হাজাৰ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু গাঁৱৰ ৰাইজে নিতৌ অহা-যোৱা কৰে। স্থানীয় ৰাইজে বিদ্যুত বিভাগৰ লোকক বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো বিদ্যুত বিভাগে এই পুৰণি মামৰে ধৰা তাৰ হাউলি যোৱা খুঁটাসমূহ মেৰামতি কৰিবলৈ দাবী জনায় আহিছে যদিও গুৰুত্ব আৰোপ কৰা নাই বিভাগে৷