ৰঙিয়াঃ মাকৰ ঘৰত জীয়ৰী বাঢ়ে, পথাৰত বাঢ়ে ধান৷ এই আপ্ত বাক্য শাৰীৰ সৈতে আৰু এটা কথা সংযোগ কৰিব পাৰি৷ মাকৰ ঘৰত জীয়ৰী বাঢ়ি অহাৰ দৰে মানুহৰ মূৰৰ চুলিও প্ৰতিদিনে বাঢ়ি আহে৷ চুলি বাঢ়ি অহাৰ লগে লগে পুৰুষ-মহিলাই ব্যতিক্ৰমকৈ হেয়াৰ ষ্টাইল কৰিবলৈ আৰম্ভ কৰে৷

মানুহ ভেদে হেয়াৰ ষ্টাইল বেলেগ বেলেগ হয়৷ নানা চুলিৰ কাটিং নানা লোকৰ পচন্দ৷ যুৱ প্ৰজন্মৰ কথাই সুকীয়া৷ প্ৰতি মাহত হেয়াৰ ষ্টাইল সলনি কৰে এতিয়াৰ একাংশ যুৱকে৷ স্কুলীয়া ছাত্ৰসকলৰ আকৌ কথাই সুকীয়া৷ কি হেয়াৰ ষ্টাইলে দেখাত ভাল লগা কৰি তুলিব তাক লৈ মহা টেনছনত পৰে ছাত্ৰসকল৷ এইবোৰৰ মাজতে হেয়াৰ ষ্টাইল কৰি বিপদত পৰিল কেইবাগৰাকী ছাত্ৰ৷

ৰঙিয়াৰ আগশাৰীৰ শিক্ষানুষ্ঠান মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰই হেয়াৰ ষ্টাইল কৰি শ্ৰেণীকোঠা এৰিব লগা হ’ল। জানিব পৰা মতে, ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰই কিছুদিন পূৰ্বে চুলিৰ ডিজাইন কৰিছিল৷ একাংশ ছাত্ৰই মূৰৰ এটা ফালৰ চুলি অত্যাধিক চুটি কৈ কটাৰ লগতে এটাফাল দীঘল কৰি ৰাখে৷ ছাত্ৰসকলৰ চুলিৰ ষ্টাইল প্ৰত্যক্ষ কৰি ক্ষোভিত হৈ পৰে স্কুলখনৰ অধ্যক্ষগৰাকী৷

তাৰ পাছতে অধ্যক্ষগৰাকীয়ে ছাত্ৰসকলৰ চুলিৰ উক্ত ষ্টাইল পৰিহাৰ কৰি ছিম্পল কৈ কাটি আহিবলৈ সকিয়নী প্ৰদান কৰে৷ একপ্ৰকাৰ ছাত্ৰসকলৰ বিৰুদ্ধে অধ্যক্ষগৰাকীয়ে ফটোৱা জাৰি কৰে৷ অধ্যক্ষগৰাকীৰ নিৰ্দেশ পালন নকৰাত আজি শ্ৰেণীকোঠাৰ পৰা উলিয়ায় দিয়ে ছাত্ৰকেইজনক।

চুলি নকটা পৰ্যন্ত শ্ৰেণীকোঠাৰ পৰা বহিস্কাৰ কৰে ছাত্ৰক। চুলি কটাৰ বাবে অধ্যক্ষই বান্ধি দিয়া সময়সীমা উলংঘা কৰাৰ বাবে শিক্ষানুষ্ঠান এৰিব লগা হয় ছাত্রই। চুলিৰ ডিজাইনৰ মোহ এৰিব নোৱাৰি হেলাৰঙে শ্ৰেণীকোঠা এৰে ছাত্ৰসকলে। আনকি বহিস্কৃত ছাত্ৰসকলে চুলিৰ কাটিঙৰ সৈতে পঢ়াৰ কি সম্পৰ্ক আছে বুলি অধ্যক্ষক প্ৰশ্ন কৰে৷ চুলি নকটাৰ বাবে ছাত্ৰক বহিস্কাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াত৷