
কোকৰাঝাৰঃ বিটিএডিৰ চাৰি জিলাৰ পৰা এইবাৰ প্ৰায় শতাধিক হজ যাত্ৰীৰ দল এটাই হজৰ বাবে প্ৰয়োজনীয় বিষয়সমূহৰ ওপৰত প্ৰশিক্ষণ লৈ ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ উঠিছে ৷
পৱিত্ৰ হজ'লৈ ৰাওনা হবলগীয়া হজযাত্ৰীৰ দলটোক বিপিএফৰ সংখ্যালঘু কোষৰ সহযোগত বিপিএফ দলে সম্বৰ্ধনা জনাবলৈ এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে ৷
আজি এক প্ৰেছ বিবৃতিযোগে বিপিএফৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক চুলতান আলমে অহা ১৯ জুলাইত কোকৰাঝাৰস্থিত বডোফা সাংস্কৃতিক কমপ্লেক্সত আয়োজন কৰা উক্ত সম্বৰ্ধনা অনুষ্ঠানত পৱিত্ৰ হজলৈ বুলি ৰাওনা হোৱা ধৰ্মীয় হজ যাত্ৰীৰ দলটোক উপস্থিত থাকিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছে ৷
সম্বৰ্ধনা অনষ্ঠানত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উপস্থিত থাকি হজযাত্ৰীসকলৰ সু-স্বাস্থ্যৰ কামনাৰে তেওঁলোকক সম্বৰ্ধনা জনাই সহযোগ আগবঢ়াব বুলিও চুলতান আলমে প্ৰেছ বিবৃতিযোগে জানিবলৈ দিছে ৷
ইপিনে উক্ত সম্বৰ্ধনা অনুষ্ঠানত বিটিচিৰ কেইবাগৰাকী কাৰ্যবাহী সদস্যৰ লগতে এমচিএলএ সকলৰ উপৰিও জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি হজ যাত্ৰী সকলক সম্বৰ্ধনা জনাব বুলি জানিব পৰা গৈছে ৷