
শুক্লাইঃ ওদালগুৰি জিলাৰ ভেৰগাঁওৰ নালাপাৰাত আজি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। স্থানীয় ৩৭ বেটেলিয়ন নালাপাৰা BOP আৰু SSBৰ উদ্যোগত অনুষ্ঠিত উক্ত স্বাস্থ্য শিবিৰত বৃহত্তৰ অঞ্চলটোৰ নালাপাৰা, ৰজাগড়, চহৰীয়া চ'কৰ প্ৰায় পাঁচ শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।
মুলতঃ মেলেৰীয়া , ডায়েবেট্ৰিচ, টাইফয়েড আদি ৰোগীৰ পৰীক্ষা কৰে চিকিৎসকৰ দলে। উক্ত শিবিৰত ডা০ নন্দ সিং, ডা০ সুলভ শৰ্মা, আৰু ডা০ অজিত উপস্থিত থাকি ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে৷ অনুষ্ঠানত DIG এ কে মল্লিক, SSB বিষয়া প্ৰসনজিত কোচ আৰু হিৰণ কুমাৰ ব্ৰহ্মও উপস্থিত থাকে।