
কোকৰাঝাৰঃ ৰাজ্য চৰকাৰে অসম আন্দোলনৰ ৮৫৫গৰাকী শ্বহীদক আৰ্থিক সাহায্য প্ৰদান কৰি শ্বহীদসকলক সন্মান জনোৱাৰ লগতে এইবাৰ বড়ো আন্দোলনৰ শ্বহীদৰ পৰিয়ালক ৫ লাখকৈ টকা এককালীন সাহায্য প্ৰদান কৰি সন্মান প্ৰদান কৰিব৷ অসম বিধান সভাত সোমবাৰে দাখিল কৰা ২০১৮-১৯ চনৰ বাজেটত এই কখা ঘোষণা কৰে ৰাজ্য চৰকাৰে৷
এই ঘোষণাক উষ্ম আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছে বিটিএডিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, সদৌ প্ৰাক্তন বিএলটি কল্যান পৰিষদৰ অধ্যক্ষ জনোমহন মুছাহাৰী, এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী আৰু ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা ইউপিপিএলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই।
পৃথকে পৃথকে দিয়া বিবৃতিত ৰাজ্য চৰকাৰৰ আদৰণীয় পদক্ষেপ বুলি মন্তব্য কৰি ৰাজ্য চৰকাৰৰ পদক্ষেপে শ্বহীদৰ পৰিয়ালক সামাজিক আৰু অৰ্থনৈতিক উত্তৰণত সহায়ক হ’ব বুলি কয়। আনহাতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই ৰোমান লিপি আন্দোলনত শ্বহীদ হোৱা পৰিয়ালকো মৰ্যদা সহকাৰে এককালীন আৰ্থিক সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰে।