গোৰেশ্বৰঃ বিটিএডিত জনজাতিৰ সুৰক্ষাৰ বাবে সাংবিধানিকভাৱে স্বীকৃত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন কৰিব নোৱাৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল বিটিএডিৰ দল-সংগঠনে৷ তাৰ পাছতেই কিন্তু বিগত ১২ জানুৱাৰীত বিটিচি কেবিনেটত উত্থাপন কৰা ভূমি নীতি বিটিচি প্ৰশাসনৰ ভুল আছিল বুলি খোদ হাগ্ৰামা মহিলাৰীয়ে স্বীকাৰ কৰিব লগা হৈছিল৷ 

বিটিচিৰ শাসকীয় দল বিপিএফে ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰিব বুলিও বিটিচি কৰ্তৃপক্ষৰ সিদ্ধান্ত বিৰুদ্ধে সৃষ্টি হোৱা চাঞ্চল্যৰ শাম কাটিবলৈ বিটিএডিত সক্ৰিয় হৈ থকা দল-সংগঠনৰ সৈতে খোদ হাগ্ৰামা মহিলাৰীয়ে বৈঠক অনুষ্ঠিত কৰি আহিছে৷

তেনেদৰে ৫ এপ্ৰিলত বিটিচিৰ ভূমিনীতি সম্পৰ্কত চলি থকা বিতৰ্কৰ অন্ত পেলাবলৈ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এক সভাৰ আয়োজন কৰা হৈছে৷ সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী খোদ উপস্থিত থাকিব। অঞ্চলটোৰ বিভিন্ন দল-সংগঠনৰ নেতৃত্বক আমন্ত্ৰণ জনোৱা হৈছে। 

অবড়ো সুৰক্ষা সমিতিৰ নেতৃবৃন্দকো আমন্ত্ৰণ জনোৱা হৈছে যদিও সমিতিয়ে এই সভাক অবড়ো সকলৰ ভোটৰ স্বাৰ্থতহে আয়োজন কৰা হৈছে বুলি কটাক্ষ কৰে। সভাত অবড়ো সুৰক্ষা সমিতিয়ে অংশ গ্ৰহণ নকৰে বুলি উল্লেখ কৰি এক বিবৃতি যোগে ১৮৮৬ চনৰ ৰাজহ আৰু ভূমি আইন মতে দুয়ো দিশ চালে ষষ্ঠ অনুসূচী আইনৰ অন্তৰ্গত অঞ্চল আৰু ষষ্ঠ অনুসূচী আইনৰ বাহিৰৰ অঞ্চলত ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলৰ সকলো জনগোষ্ঠীকে সম-অধিকাৰ দিয়াৰ কথা বিটিচি চুক্তিত স্পষ্টকৈ উল্লেখ আছে বুলি কয়। 

অজনজাতিসকসৰ সম্পত্তিৰ বন্দোবস্তি অধিকাৰ, হস্তান্তৰ আৰু উত্তৰধিকাৰীৰ সুৰক্ষা ব্যৱস্থাক ষষ্ঠ অনুসূচীৰ ৩নং দফাত যথোপযুক্ত ভাৱে অন্তৰ্ভূক্ত কৰা হ'ব বুলি বিটিচি চুক্তিত উল্লেখ আছে। বিটিচি কৰ্তৃপক্ষৰ কোনো আইনে এজন ভাৰতীয় নগৰিকে নিজাভূমিৰ বিষয়ত উপভোগ কৰি থকা অধিকাৰ সুবিধাৰাজিক বঞ্চিত কৰিব নোৱাৰে বুলি কৈ বিটিচি গঠনৰ দ্বাৰা এই আইন বিলুপ্তি কৰিব দিয়া নহ'ব আৰু কোনো নাগৰিকে উত্তৰাধীকাৰ, আৱন্টন, বন্দোবস্তি সূত্ৰে বা হস্তান্তৰকৰণৰ দ্বাৰা বিটিচি এলেকাৰ ভিতৰৰ ভূমি আহৰণৰ পৰা বিৰত ৰাখিব নোৱাৰিব বুলি কয়৷ ভূমি আহৰণৰ বাবে যোগ্য হয় বুলি বিটিচি চুক্তিত স্পষ্টকৈ উল্লেখ আছে। 

বিটিচিয়ে নতুন ভূমিনীতি তৈয়াৰ কৰাৰ অধিকাৰ ক'ত পালে বুলিও প্ৰশ্ন উত্থাপন কৰা হৈছে। বিটিচি চুক্তিৰ দ্বাৰা এই অঞ্চলত এইটো আইনত পৰিণত হৈছে।  কিন্তু এই আইন সলাব পৰাকৈ বিটিচি পৰিষদত অজনজাতীয় নৰ্বাচিত প্ৰতিনিধি নাই বুলি কয়। কাৰণ বাকী ৩৫ জন সদস্যই সংৰক্ষিত জনজাতীয় প্ৰতিনিধি। আনহাতে বড়ো জনজাতীয় লোকৰ বাহিৰে অন্য ৰাভা, শৰণীয়া, মদাহী, হাজং আদি জনজাতীয় লোকসকলক বিপিএফ দলে প্ৰাৰ্থীত্ব নিদি ৰাজনৈতিক ভাৱে  আমাক ইতিমধ্যে হত্যা কৰা হৈছে বুলি কয় অবড়ো সুৰক্ষা সমিতিয়ে। 

এই ষড়যন্ত্ৰ কাৰ্যকৰী কৰি অবড়়ো সকলৰ ভোটৰ স্বাৰ্থত গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰংগণত সভা অনুষ্ঠিত কৰা হৈছে বুল কৈ সমস্যা সমাধানৰ বাবে নহয় বুলি কয় সংগঠনটোৱে। যদিহে সমস্যা সমাধানৰ হাগ্ৰামা মহিলাৰীৰ সদিচ্ছা আছে তেন্তে অসম চৰকাৰৰ প্ৰতিনিধিৰ উপস্থিতিত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান জনাই অবড়ো সুৰক্ষা সমিতিয়ে। 

তাত বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ লগতে অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিনিধি উপস্থিত থাকি বক্তব্য ৰাখিব বুলি উল্লেখ কৰিছে।