
কোকৰাঝাৰঃ কোকৰাঝাৰৰ তিতাগুৰীস্থিত ভৱানীপুৰ খেলপথাৰত যোৱা ৫ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা চাৰিদিনীয়া খ্ৰীষ্টান সম্প্ৰদায়ৰ প্ৰাৰ্থনা আৰু আৰোগ্য শিবিৰৰ শুকুৰবাৰে নিশা অন্ত পৰে৷ অন্তিম কাৰ্যসূচীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত থাকি ভগৱান আছে বুলি মন্তব্য কৰি আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থী কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ী হ’ব বুলি দাবী কৰে। হাগ্ৰামাই কয় "অহাবাৰ এম পি ইলেকচনত কোকৰাঝাৰত বিপিএফ জয়ী হ’ব৷ মোৰ বিশ্বাস আছে, মই প্ৰাৰ্থনা কৰিছো৷ বেয়া কাম কৰিলে ইশ্বৰে চাব নোৱাৰে৷ ভাল কাম কৰিলে ইশ্বৰে সহায় কৰে৷ ইশ্বৰ আছে, ইশ্বৰৰ নাম লবয়ে মানুহে"৷
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ভগৱান আছে আৰু তেওঁ নিজেও ভগৱান বিশ্বাসী বুলি মন্তব্য কৰি ভগৱানৰ প্ৰতি সদায় বিশ্বাস ৰাখিয়ে তেওঁ আগবাঢ়ি যায় বুলি মত প্ৰকাশ কৰে। খ্ৰীষ্টান সম্প্ৰদায়ৰ প্ৰাৰ্থনা আৰু আৰোগ্য শিৱিৰৰ পৰা বহু ৰোগী উপকৃত হোৱা বুলিও দাবী কৰিছে মহিলাৰীয়ে।উল্লেখ্য যে আন্তঃ খ্ৰীষ্টান সম্প্ৰদায়ৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাৰ্থনা আৰু আৰোগ্য শিবিৰত বিটিএডিৰ চাৰিখন জিলাৰ পৰা বহু হাজাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লগতে আন ধৰ্মাৱলম্বীৰ লোকেও প্ৰতিদিনে অংশগ্ৰহণ কৰে।
বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীসকলে শিবিৰত উপস্থিত থাকি বিভিন্ন প্ৰৰ্থনা কছৰৎ কৰি আৰোগ্য লাভ কৰিছে বুলি আয়োজক সমিতিয়ে দাবী কৰে। আয়োজক সমিতিৰ মুখ্য আহ্বায়ক তথা বি টি চিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য জেমচ বসুমতাৰীয়ে প্ৰাৰ্থনা আৰু আৰোগ্যকাৰী প্ৰথাৰ দ্বাৰাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত শান্তি আৰু ঐক্য প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে এই প্ৰাৰ্থনা আয়োজন কৰা বুলি কয়৷ আৰোগ্য শিবিৰত কমেও ৩০০ ৰোগী উপকৃত হৈছে বুলি মত প্ৰকাশ কৰিছে জেমচ বসুমতাৰীয়ে।