ধুবুৰীঃ ফটা নোটবোৰ কি কৰে আপুনি? পেলাই দিয়ে নতুবা বেংকত জমা দিয়ে৷ কিন্তু হানিফ আলীয়ে আপোনাৰ ফটা নোটেৰে ব্যৱসায় কৰে৷

ডিঙিত ফটা নোট ওলোমাই কবিৰাজৰ দৰে বজাৰে বজাৰে ঘূৰি ফুৰে হানিফে৷ আছেনে ফটা-ছিটা নোট বুলি চিঞৰি হানিফে ফটা নোটবোৰ সংগ্ৰহ কৰে৷

ফটা নোট বেংকত জমা দি উপাৰ্জন কৰে ধন৷ আপোনাৰ ফটা নোটৰ বিনিময়ত হানিফে আপোনাক দিব আধা টকা৷ অৰ্থাৎ হানিফ পেছাত ফটা টকাৰ ব্যৱসায়ী৷

হানিফ নিজকে ফটা-ছিটা টকাৰ ডাক্তৰ-কবিৰাজ বুলি কয়৷ যোৱা ২৪ বছৰ ধৰি ফটা নোট সলনি কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে পুত্ৰক ছফটৱেৰ ইঞ্জিনিয়াৰ পঢ়ুৱাইছে।

নামনি অসমৰ ইখনৰ পৰা সিখন গাঁও, বজাৰ, চহৰ ঘূৰি ফটা নোট সংগ্ৰহ কৰা হানিফৰ ঘৰ গোৱালপাৰা জিলাৰ ধূপধৰা ফৰেষ্ট গেটত৷