newsnextone.cpm| বোকাজানঃ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে৷ শুকুৰবাৰে কাৰ্বি আংলঙৰ হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাই হাওৰাঘাটত জোঁৰ সমদল উলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ বহু নেতা-কৰ্মী তথা কেইবাশতাধিক ৰাইজে চৰকাৰ বিৰোধি শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে৷ 

কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভবেশ গগৈ, সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিপ বৰা উপস্থিত থাকি কয় যে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত যি ধৰণৰ স্থিতি গ্ৰহণ কৰিছে ইয়াকেলৈ অসমৰ ৰাইজ সন্তুষ্ট হ’ব পৰা নাই। 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনাটো দৰকাৰ তেওঁ এজন অসমীয়া, অসমীয়া জতিৰক্ষাৰ দায়িত্ব তেওঁৰ আছে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়াৰ আবেগ অনুভূতি বুজাটো প্ৰয়োজন বুলিও ছাত্ৰ নেতা তিনিগৰাকীয়ে কয়। 

জোৰ সমদল কাৰ্যসূচীত হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ হাওৰাঘাট আঞ্চলিক সমিতি, হাওৰাঘাট শাখা সাহিত্য সভা, কেএচএ হাওৰাঘাট জিলা সমিতি, আগছু হাওৰাঘাট আঞ্চলিক সমিতি, উচুকা হাওৰাঘাট আঞ্চলিক সমিতি আদি বিভিন্ন দল-সংগঠনৰ বিষয়-ববীয়াৰ লগতে হাওৰাঘাটবাসী ৰাইজে অংশগ্ৰহণ কৰে সমদলত৷ 

প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীৰ অংশগ্ৰহণৰে হাওৰাঘাট শাখা সাহিত্য সভাৰ কাৰ্যলয়ৰ পৰা কৰা জোৰ সমদলটোৱে সমগ্ৰ নগৰ পৰিভ্ৰমণ কৰি পুনৰ সাহিত্য সভাৰ কাৰ্যলয়ত সমদলটোৰ অন্ত পেলোৱাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবী জনায় ৷