চাবুৱাঃ খোদ গুৱাহাটী মহানগৰীৰ ধীৰেনপাৰাত নিউজ চেনেলৰ সাংবাদিক বিমান কলিতাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা ঘটনাইৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ৰাজ্যত পুনৰ সংঘটিত হ’ল সাংবাদিক নিগ্ৰহৰ ঘটনা৷ ৰাজ্যত সঘনাই সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাক উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যখনৰ নিপীড়িত সাংবাদিকসকলৰ অন্যতম সংগঠন সাংবাদিক সুৰক্ষা মঞ্চই। দুদিনমানৰ আগতে গুৱাহাটীত 'নিউজ লাইভ'ৰ সাংবাদিক বিমান কলিতাক দুৰ্বৃত্তই ছুৰিকাঘাট কৰা ঘটনা মাৰ নৌযাওঁতে এইবাৰ কামৰূপ জিলাৰ হাজোত সংঘটিত হৈছে কৰ্মৰত সাংবাদিকক অপদস্থ কৰাৰ আন এক ঘটনা। ৰক্ষকেই ভক্ষকৰ ভূমিকা গ্ৰহণ কৰা এগৰাকী দায়িত্বশীল আৰক্ষী বিষয়াৰ দ্বাৰা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকে অপদস্থ হ'বলগীয়া ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিছে সাংবাদিক সুৰক্ষা মঞ্চ, অসমে। সংবাদ-মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ভাৰপ্ৰাপ্ত সভাপতি ছিৰাজুল ইছলাম, কাৰ্যকৰী সভাপতি হেমন্ত শৰ্মা আৰু সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে জানিবলৈ দিয়ামতে কামৰূপ জিলাৰ অন্তৰ্গত কঞাঁ আৰক্ষী থানাত উপস্থিত হৈ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এটা ব্যক্তিগত বৈদ্যুতিন মাধ্যমৰ সাংবাদিক প্ৰাঞ্জল কলিতা আৰু তেওঁৰ সতীৰ্থ ফটো সাংবাদিক তপন দাসক আৰক্ষী বিষয়া বীৰেশ্বৰ চেতিয়াই অপদস্থ কৰে। ইয়াৰ উপৰি সাংবাদিক দুজনৰ পৰা কাঢ়ি নিয়ে কেমেৰা। এই ঘটনাক মঞ্চই কঠোৰ ভাষাৰে নিন্দা কৰি আৰক্ষী বিষয়া বীৰেশ্বৰ চেতিয়াৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰত দাবী জনাইছে। আনহাতে একেটা প্ৰেছ বিবৃতিত কেইদিনমানৰ পূৰ্বে 'আমাৰ অসম' কাকতৰ তিনিচুকীয়াৰ সাংবাদিক চিন্ময় শৰ্মাক অনা-অসমীয়াই কৰা আক্ৰমণৰ ঘটনাকো গৰিহনা দিছে।