
ওদালগুৰিঃ দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত তথা ৰাজ্য চৰকাৰে গঠন কৰি দিয়া খিলঞ্জীয়া নাগৰিকৰ ভূমি অধিকাৰ সুৰক্ষা পৰামৰ্শদাতাকাৰী সমিতিৰ সভাপতি হৰিশংকৰ ব্ৰহ্মই আজি ওদালগুৰি জিলা ভ্ৰমণ কৰে। ভ্ৰমণৰ সময়ছোৱাত তেওঁ ওদালগুৰি জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হয়।
উক্ত আলোচনাত খিলঞ্জীয়াৰ ভূমি অধিকাৰ ১৯৮৬ চনৰ ভূমিনীতি, ট্ৰাইবেল বেল্ট ব্লকৰ ওপৰত আলোচনা কৰে। সভাত বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে বিষয়কেইটাৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। ভাষণ প্ৰসংগত ব্ৰহ্মই বিগত ৪০ বছৰে কোনো ধৰণৰ ভূমি জৰীপ নকৰাৰ বাবে বৰ্তমান বসবাস কৰা খিলঞ্জীয়া লোকসকলৰ মাজত হাৰাশাস্তি হোৱা বুলি কয়।
বিটিচি প্ৰশাসনক অতি শীঘ্ৰে খিলঞ্জীয়া লোকসকলক ভূমিপট্টা প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে। সমগ্ৰ অসমৰ ভিতৰত বিটিচিৰ পৰাই এই প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ বাবে তেওঁ আহ্বান জনায়৷ বিটিচি অঞ্চলত প্ৰায় ৫লাখ বিঘা ভূমি বেদখল হৈ আছে বুলিও কয় ব্ৰহ্মই। ৰাজ্যৰ ভিতৰতে বিটিচিয়ে বেদখলৰ ক্ষেত্ৰত তৃতীয় স্থান দখল কৰিব বুলি তেওঁ তীৰ্যক মন্তব্য প্ৰদান কৰে।