
ডিফুঃ ডিফু চহৰৰ মুছলমান বসতি প্ৰধান এক এলেকাত এটি দৰিদ্ৰ হিন্দু পৰিয়াল এমা ডিমা তিনিটা সন্তান সহ দিন হাজিৰা কৰি কোনো মতে জীৱিকা কৰে৷ পেটৰ তাড়নাত ঘৰৰ মুৰব্বী খৰ্গেশ্বৰ বৰদলৈ ডিফুৰ বাহিৰত কামলৈ যোৱাৰ পাছত আজি ৰোগজনিত কাৰণত বৰদলৈৰ পত্নী মিনতি বৰদলৈয়ে শেষ নিশ্বাস ত্যাগ কৰে৷
মাতৃৰ মৃত্যু হোৱা বুলি সন্তান কেইটাই গমেই পোৱা নাছিল৷ দুগ্ধপান কৰা কণিষ্ট সন্তানে মৃত মাতৃৰ দুগ্ধ পান কৰি আছিল, বাকী সন্তান কেইটাও খেলাত মচগুল আছিল৷ বহু সময় লৰচৰ নকৰাত হে প্ৰতিবেশীয়ে মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে যদিও মহিলা গৰাকীৰ সৎকাৰ কৰাৰ বাবে কোনো হিন্দু পৰিয়াল ওলাই নহাত মুছল সম্প্ৰদায়ৰ লোক সকলে ৰাজহুৱাকৈ চান্দা সংগ্ৰহ কৰি 'ৰাম নাম সত্য হে, হৰি বোলা' আদি ধ্বনি দি বাটকুৰি বাই ৰাজহুৱা শ্মশান ঘাটলৈ লৈ গৈ মহিলা গৰাকীৰ সৎকাৰ কৰে৷
যি সময়ত ভাৰতবৰ্ষত হিন্দু-মুছলমানৰ মাজত বৰ্ধিত হাৰত ভেদাভেদ গা কৰি উঠিছে ঠিক সেই সময়তেই পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত মুছলমান সম্প্ৰদায়ৰ লোকে এটি অতি দৰিদ্ৰ পৰিয়ালৰ হিন্দু মহিলাৰ মৃত দেহক ৰাজহুৱা শ্মশান ঘাটত সম্পূৰ্ণ বৈদিক প্ৰথাৰে সৎকাৰ কৰি হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে৷
ডিফুবাসী হৰিলাল বস্তিৰ মুছলমান সম্প্ৰদায়ৰ এনে মানৱদৰদী কাৰ্যই মানৱ সমাজত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা সকলৰ বাবে সময়োপযোগী নিদৰ্শন ৰূপে প্ৰামাণিত হৈছে৷