
ধিংঃ শিৱসাগৰৰ বাইপাছত যোৱা ৫ মে'ৰ নিশা এখন গৰুভৰ্তি ট্ৰাক হাইজেক কাণ্ডৰ মাষ্টাৰমাইণ্ড অৱশেষত অাৰক্ষীৰ জালত পৰে। শিৱসাগৰ আৰক্ষীয়ে কেইবামাহ ধৰি সন্ধান কৰি থকা ডকাইতটোক আজি বটদ্ৰৱা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
এক গোপন খবৰৰ ভিত্তিত আজি বিয়লি অভিযান চলাই হাৰুণ ৰচিদ নামৰ দুধৰ্ষ ডকাইতটোক বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে। ধৃত হাৰুণ ৰচিদৰ ঘৰ বটদ্ৰৱাৰ কদমনিত।
ইতিমধ্যে কেইবাটাও ডকাইতি কাণ্ডৰে সৈতে জড়িত থাকি ত্ৰাসৰ সৃষ্টি কৰা হাৰুণক বৰ্তমান বটদ্ৰৱা থানাত জেৰা চলাই থকা হৈছে। উল্লেখ্য যে, এখন নেন' আৰু স্কুটীত অহা এটা সাতজনীয়া ডকাইতৰ দলে টেঙাখাটৰ পৰা গুৱাহাটী অভিমুখী ২৮ টা গৰু কঢ়িয়াই অনা ট্ৰাকখন শিৱসাগৰৰ বাইপাছত অস্ত্ৰ-শস্ত্ৰ দেখুৱাই হাইজেক কৰি নিছিল।
ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯৫/৩৯৭/৩৬৫ ধাৰাৰ অধীনত ৩০১/১৭ নম্বৰৰ গোচৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৫ টাকৈ ডকাইতক। লগতে পৰিত্যক্ত অৱস্থাত কাৰ্বি আংলঙৰ খেৰণিৰ পৰা উদ্ধাৰ কৰিছিল ট্ৰাকখন।
এতিয়া হাৰুণ ৰচিদক গ্ৰেপ্তাৰৰ বাবে শিৱসাগৰ আৰক্ষীৰ এটি দল বটদ্ৰৱা অভিমুখে ৰাওনা হৈছে বুলি জানিব পৰা গৈছে।