নগাঁওঃ আজীৱন সততা আৰু কৰ্তব্য নিষ্ঠাৰ প্ৰতি অবিচল হৈ থকা বিশিষ্ট শিক্ষাবিদ তথা নগাঁও জিলাৰ কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, নিবন্ধকাৰ, বিশিষ্ট সমাজ সংগঠক সত্য প্ৰসাদ বৰা আৰু নাই। বৃহস্পতিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে তেখেতৰ দেহাৱসান ঘটে। 

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ৷ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত কুজিদাঁহত ১৯৩৯ চনত প্ৰয়াত ঘনকান্ত বৰাৰ ঔৰষত আৰু ব্ৰজমাই বৰাৰ গৰ্ভত জন্ম গ্ৰহণ কৰা সত্য প্ৰসাদ বৰাই কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় প্ৰতিষ্ঠাৰ সময়ৰে পৰা বিদ্যালয়খনত শিক্ষকতা কৰিছিল।

নীতি আৰু আদৰ্শৰ ক্ষেত্ৰত আপোচহীন হৈ থকা বৰা বৃহত্তৰ হাতীচোং অঞ্চলৰ আধুনিক শিক্ষাৰ বাটকটীয়া সকলৰ অন্যতম আছিল।বৰাই ১৯৯৭ চনত কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰূপে অৱসৰ গ্ৰহণ কৰিছিল৷ এগৰাকী দৃঢ় আৰু কৰ্তব্যনিষ্ঠা সফল শিক্ষকৰূপে পৰিচিত তথা সকলোৰে মাজত "সত্য চাৰ"  হিচাপে সমাদৃত পথিকৃত শিক্ষাবিদ গৰাকীয়ে বৃহত্তৰ হাতীচোং মৌজাৰ বহু কেইটা সামাজিক অনুষ্ঠানৰ লগত অংগাংগীৰূপে জড়িত থাকি গুৰু দায়িত্ব পালন কৰি গৈছে৷ 

তেওঁ শ্ৰীমন্ত শংকৰ চ'ৰা কলা পৰিষদৰ সম্পাদকৰ দায়িত্ব, কুজিদাঁহ জুৰীয়া নামঘৰৰ সভাপতি, কুজিদাঁহ যুৰীয়া নামঘৰ ৰাস উৎসৱ উদযাপন সমিতিৰ সভাপতি, হাতীচোং মহাবিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা মনোনিত সদস্য, কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আদি গুৰু দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল৷ তেওঁক সোনাই পৰীয়া কেন্দ্ৰীয় বিহু সন্মিলন, সদৌ কুজিদাঁহ ৰঙালী বিহু উৎসৱ উদযাপন সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নগাঁও নেহৰুবালিত অনুষ্ঠিত ৰঙালী বিহু উৎসৱ, বসন্ত উৎসৱ আদিত সম্বৰ্ধণা জ্ঞাপন কৰিছিল৷ 

আজি পুৱা তেওঁৰ নশ্বৰ দেহ জন্ম ঠাই কুজিদাঁহৰ কুঁৱাপাৰৰ বাসভৱন আহি পোৱাৰ পাছতে বিভিন্ন দল সংগঠনৰ লগতে বহুসংখ্যক গুনমুগ্ধই তেওঁলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ পাছতে তেওঁৰ পুস্পসজ্জিত নশ্বৰ দেহ কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হাতীচোং মহাবিদ্যালয়, কুজিদাঁহ জুৰীয়া নামঘৰ, শ্ৰীমন্ত শংকৰ চ'ৰা কলা পৰিষদ আদি অনুষ্ঠানলৈ নি ৰাইজে শেষ শ্ৰদ্ধা নিবেদন কৰে৷ 

শিক্ষাবিদ গৰাকীৰ এই অন্তিম যাত্ৰাত কুজিদাঁহ অঞ্চলৰ ৰাইজৰ লগতে নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা, জ্যেষ্ঠ সাংবাদিক জীতেন বৰকাকতি, পলাশ প্ৰতীম হাজৰীকা, বৈদ্যনাথ চাহানী আদিৰ লগতে সাংবাদিক নিলোৎপল বৰা, ছফিকুৰ ৰহমান, ভাস্কৰ মেধি, ৰকিবুল ৱাহিদ, নাজিম আহমেদ, ৱাহিদুদ জামান, বেদব্ৰত ৰাজা, ভাস্কৰ শইকীয়া, গকুল ভাৰতী বেবেজীয়া প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰাঞ্জল বৰদলৈ, নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য কল্যাণ বৰা, ফটো সাংবাদিক গোপাল ৰয় আদিয়েও অংশ লয়। 

বিশিষ্ট শিক্ষাবিদ গৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিচত অৱসৰপ্ৰাপ্ত অধ্যক্ষ দধিমোহন বৰা, শিক্ষাবিদ সুনীল বৰা, সুৰেশ মহন্ত, হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকা আদিয়ে শিক্ষাবিদ গৰাকীয়ে সমাজ জীৱনলৈ আগবঢ়োৱা অবদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে।তেওঁৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই, হোজাই সাহিত্য সভাৰ সভাপতি ডঃ সাৰদানন্দ দেৱগোস্বামী, প্ৰাক্তন মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, আজুৰ সভাপতি পংকজ কুমাৰ নাথ, কবি প্ৰয়াগ শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি মনি মাধৱ মহন্ত, সদৌ অসম কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সঞ্জীৱ চৌধুৰী, নগাঁও প্ৰেছ ক্লাব, সদৌ অসম সাংবাদিক সন্থা (আজু) সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি, যমুনাভেলী প্ৰেছ ক্লাব, হোজাই প্ৰেছ ক্লাব, লামডিং প্ৰেছ ক্লাব, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, কৃষক শ্ৰমিক উন্নয়ণ পৰিষদ, অসম গণ পৰিষদ, জাজৰি প্ৰেছ ক্লাবৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰি তেখেতৰ আত্মাৰ সদগতি কামনা কৰে।

মৃত্যুৰ সময়ত তেওঁ নগাঁও প্ৰেছ ক্লাৱৰ সম্পাদক তথা 'দৈনিক অসম'ৰ নগাঁৱস্থ সাংবাদিক চন্দনজ্যোতি বৰাসহ তিনি জন পুত্ৰ আৰু বহু আত্মীয় কুতুম্বক ইহ সংসাৰত এৰি থৈ যায়৷