নাওকাটাঃ ভাৰত-ভূটান সীমান্তৰ বাক্সা জিলাৰ ভোলাঝাৰৰ উপৰখুঁটিত আজি স্বেচ্ছাসেৱী অনুষ্ঠান ছানৰাইজ য়ুথ ক্লাৱৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।

বাক্সা জিলা স্বাস্থ্য বিভাগৰ সহযোগত অনুষ্ঠিত স্বাস্থ্য শিবিৰত ভোলাঝাৰ, বাঙালীপাৰা, দেউচুঙাৰ ৫ শতাধিক লোকে স্বাস্থ্য পৰীক্ষা কৰে। মেলেৰীয়া, ডায়েৰিয়া, টাইফয়েড আদিৰ লগতে দাঁতৰ ৰোগৰো পৰীক্ষা কৰে চিকিৎসকসকলে।

শিবিৰত তামুলপুৰ মহকুমাৰ এম অ’ ডাঃ এছ এন শৰ্মা, এছ ডি এম অ’ ডাঃ জগদীশ কলিতা, এম ডি ডাঃ নৱ চক্ৰৱৰ্তী, ডাঃ জয়ন্ত শৰ্মা, বি পি এম খগেন কাকতি, ডি এম ই প্ৰশান্ত কুমাৰ দত্ত, এছ এম আই তীৰ্থ বসুমতাৰী উপস্থিত থাকি ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে বুলি সংবাদ মাধ্যমক অৱগত কৰে ক্লাৱৰ সভাপতি বাপন দাস আৰু সম্পাদক ৰঞ্জন শৰ্মাই।