15
Aug
2017

নাৰায়ণপুৰঃ গুৱাহাটীৰ "দ্যা হাৰ্ট" সহৃদয় গোষ্ঠীৰ উদ্যোগত নাৰায়ণপুৰ জামুগুৰিৰ নামনি সোৱণশিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বানপীড়িত সকলৰ সহায়ৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হয়। দিছপুৰ হস্পিতাল আৰু মিছিং পিপ'ল জাষ্টিচ ফ'ৰামৰ সহযোগত এই চিকিৎসা শিবিৰ আয়োজন কৰা হয়।
'দ্যা হাৰ্ট' গোষ্ঠীৰ সভাপতি তথা ডাঃ চন্দন মোদক আৰু সম্পাদক নাৱজ্যোতি পাঠকৰ তত্বাৱধনত প্ৰায় ১০ জন চিকিৎসকে শিবিৰটোত অংশগ্ৰহন কৰি ৰোগীসকলক চিকিৎসা প্ৰদান কৰে। জামুগুৰি অঞ্চলটোৰ সহস্ৰাধিক ৰোগীয়ে এই বিনামূলীয়া শিবিৰত চিকিৎসা গ্ৰহণ কৰে। অঞ্চলটোৰ কণমানিৰ পৰা বৃদ্ধা সকলোকে চিকিৎসা প্ৰদানৰ লগতে ঔষধ প্ৰদান কৰে 'দ্যা হাৰ্ট' গোষ্ঠীয়ে।