
newsnextone.com ।। ডিজিটেল ডেস্কঃ এই বছৰত মৌচুমীৰ প্ৰভাৱ গোটেই দেশতেই যেন দেখা গ'ল। আনহাতে আটাইতকৈ বেছি ইয়াৰ প্ৰকোপ কেৰেলাত পৰিল। কেৰেলাত হোৱা ভূমিস্খলন তথা বানপানীৰ ক্ষতিপূৰণৰ পাছত শুকুৰবাৰে বতৰ বিজ্ঞানীয়ে ১৬ ৰাজ্যত অহা তিনি-চাৰিদিনলৈকে বৰষুণ হোৱাৰ আশংকা আছে বুলি জনায়।
বানপীড়িত কেৰেলাবাসীসকলৰ জীৱন নিৰ্বাহ তথা জীয়াই থকাৰ স্থল নাইকিয়া হৈছিল যদিও দেশীয় চৰকাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বতৰ বিজ্ঞানীৰ মতে উত্তৰাখণ্ড, হাৰিয়ানা, ছণ্ডীগড়, দিল্লী, উত্তৰ প্ৰদেশ, পশ্চিম মধ্য প্ৰদেশ, বিহাৰ, পশ্চিম বেংগল, ছিকিম,অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ৰাজ্যত অধিক মাত্ৰাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি কয়।
জানিব পৰা মতে, হিমাচল প্ৰদেশতো বতৰৰ সাৱধানতা জাৰি কৰা হৈছে। প্ৰদেশৰ মণ্ডী নামৰ জিলাত আজি বতৰৰ অনুকুল ঠিক নহয়। লগতে নিকট অঞ্চলৰ স্থানীয় বিদ্যালয় সমূহক বতৰৰ বাবে বন্ধ ঘোষণা কৰে। কেৰেলাত শোকাকুল অৱস্থা । আনফালে দিল্লীৰ এন.চি.আৰ. নামৰ এলেকাত বৰষুণৰ আনন্দ লভিছে দিল্লী বাসীয়ে। শেহতীয়াকৈ ২৬ আগষ্টলৈকে ১৬ খন ৰাজ্যত বৰষুণৰ প্ৰকোপ অধিক হ'ব বুলি বতৰ বিজ্ঞানীয়ে আগতীয়াকৈ সতৰ্ক কৰি দিছে।