গোৰেশ্বৰঃ লখিমপুৰ-ধেমাজিৰ লগতে ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলৰ দুৰ্গত সকলক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল চিপিআইএমৰ গোৰেশ্বৰ আৰু পূৱ গোৰেশ্বৰ আঞ্চলিক সমিতি।

বাক্সা জিলাৰ গোৰেশ্বৰ চহৰত আজি দলটোৱে বান সাহায্য প্ৰদানৰ উদ্দেশ্য ধন সংগ্ৰহ কৰে। চহৰখনৰ ব্যৱসায়ীৰ লগতে পথচাৰী আৰু ৰাইজৰ পৰা ধন সংগ্ৰহ কৰে।

উল্লেখ্য যে ৰাজ্যখনত বানত ককবকাই থকা বানপীড়িতক চৰকাৰে পৰ্য্যপ্ত সহায় প্ৰদান নকৰাৰ অভিযোগ উঠিছে।

সেয়ে বিভিন্ন দল -সংগঠনেও এতিয়া মানৱতা ৰক্ষাৰ খাতিৰত বান সাহাৰ্য সংগ্ৰহ কৰি বান পিড়ীত অঞ্চললৈ প্ৰেৰণ কৰিছে সামগ্ৰী। আজি গোৰেশ্বৰত চিপিআইএম বান সাহাৰ্য সংগ্ৰহ কাৰ্যসূচীলৈ ৰাইজে স্বতস্ফূৰ্ত ভাৱে সহয়োগিতা আগবঢ়োৱা দেখা যায়।