কামপুৰঃ আন শিশুবোৰৰ দৰে তাইৰো পঢ়ি-শুনি ডাঙৰ মানুহ হ’বলৈ মন৷ ডাঙৰ মানুহ হৈ দৰিদ্ৰ পিতৃ-মাতৃৰ মুখত হাঁহি বিৰিঙাব খোজে শিশুটিয়ে৷

কিন্তু বিধিৰ কি বিপাক! ১১ বছৰ বয়সতে তাইৰ দেহত বাহ ল'লে ব্ৰেইন টিউমাৰ ৰোগে৷ পিতৃ-মাতৃয়ে চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত হাহাকাৰ কৰি চকুলো টুকি পাৰ কৰিছে সময়।

দুৰ্ভগীয়া এই কণমানিটিৰ নাম ৰিতুমনি দেৱী। বয়স ১১ বছৰ। কামপুৰ দগাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান তাই। অৰ্থৰ অভাৱত নিজ কন্যাক উন্নত চিকিৎসা কৰিব নোৱাৰি স্থাস্থ্য বিভাগ আৰু স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে যোগাযোগ কৰিছিল যদিও কোনো সহাঁৰি নাপালে পিতৃ-মাতৃয়ে।

ৰাজ্যৰ স্থাস্থ্য বিভাগৰ পৰা একো সহাঁৰি নোপোৱাত কামপুৰৰ যুৱ সমাজৰ লগতে কেইবাটাও সংগঠন কণমানিজনীক সহায়ৰ বাবে ওলাই আহে। এখন প্ৰচাৰ পত্ৰিকাৰ জৰিয়তে কণমানি জনীৰ উন্নত চিকিৎসাৰ বাবে অসমবাসী ৰাইজৰ সহায় বিচাৰে সংগঠনকেইটাই।

ইফালে দূৰাৰোগ্য ৰোগত আক্ৰান্ত কণমানি ৰিতুমনিয়ে "মোৰ বেমাৰটো ভাল কৰি দিয়ক" বুলি স্থাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

কিন্তু আজিলৈকে মন্ত্ৰীগৰাকীয়ে কোনো সঁহাৰি নিদিয়াত এতিয়া যুৱ-প্ৰজন্মৰে ভৰপূৰ স্থানীয় সংগঠনেকইটাৰ ভৰসাতে কণমানিটিক ভাল কৰি তুলিবলৈ কিছু হ'লেও সাহস গোটাবলৈ সমৰ্থ হৈছে দৰিদ্ৰ পিতৃ-মাতৃ। কণমানিটিক সুস্থ কৰি তুলিবলৈ  ৯৪০১০-৫২২৪৪ নম্বৰত যোগাযোগ কৰি আপুনিও আগবঢ়াৱ পাৰে সহায়।