
মৰিয়নীঃ দেৰগাঁৱৰ ভকতীয়া গাঁৱৰ এগৰাকী কিশোৰী আক্ৰান্ত হৈ আছে মাৰাত্মক কেঞ্চাৰ ৰোগত৷ ফুলৰ দৰে মন এটা লৈ ভৱিষ্যতৰ সপোন গুঁঠা বয়সত নবম শ্ৰেনীৰ ছাত্ৰী মামনি বৰদলৈ এতিয়া যুঁজ দি আছে কেঞ্চাৰ ৰোগত৷
আনফালে আৰ্থিক দৈন্যতাই বাধা প্ৰদান কৰিছে মামণিৰ চিকিৎসাত৷ যাৰ বাবে পৰিয়ালটোৱে সুহৃদ ৰাইজৰ সহায় বিচাৰিবলগীয়া হৈছে৷ মামণিক এটি জীৱন উপহাৰ দিয়াৰ স্বাৰ্থত আজি দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় আছু গোটৰ উদ্যোগত ফেটাগাওঁ মহিলা সমিতি, ফেটাগাওঁ অৰুণোদয় কেন্দ্র, ভকতীয়াগাওঁ মহিলা সমিতি, ভকতীয়াগাওঁ যুৱ মঞ্চৰ সহযোগত সাহায্য বিচাৰি এটি পদযাত্ৰা উলিওৱা হয়৷
এগৰাকী মৰমলগা ছোৱালীক মৃত্যুৰ বাটৰ পৰা উভটাই আনিবলৈ বিভিন্ন দল-সংগঠনে আপ্ৰাণ প্ৰয়াস কৰিছে৷ কোনো সদাশয় লোকে যদি মামণিৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াব বিচাৰে, তেন্তে তলত দিয়া মামণিৰ পিতৃৰ বেংক একাউন্টৰ যোগেদি সহায় কৰিব পাৰে৷
A/c No. 30227332786
A/c Holder's Name: Jagot Bordoloi
State Bank of India
AT Road, Dergaon
Dist.Golaghat, Assam
IFSC CODE : SBIN0002048
MICR CODE : 785002505