
নাহৰকটীয়াঃ তাই আজিও পঢ়ি আছে যদিও পঢ়ি থকা কালতে তাই কাণেৰে নুশুনা হ’ল৷ নৱম শ্ৰেণীত পঢ়ি থকা কালত বসন্ত ৰোগত আক্ৰান্ত হৈ কাণেৰে নুশুণা হোৱাত দৰিদ্ৰ পৰিয়ালৰ কিশোৰীগৰাকীয়ে আশা পুহি ৰাখিছিল তাইক কোনোবাই উন্নত চিকিৎসা কৰি কাণেৰে শুনিব পৰা কৰিব৷
এই কথা অৱগত হ’ল নাহৰকটীয়া মহাবিদ্যালয় পৰিয়ালে৷ তাততৈয়াকৈ যোগাযোগ কৰিলে দৰিদ্ৰ পৰিয়ালটোৰ সৈতে৷ এই খবৰ লাভ কৰাৰ পিছতে মহাবিদ্যালয় খনৰ অধ্যক্ষই তাইক দুবাৰকৈ ডিব্ৰুগড় আদিত্য নাৰ্চিংহোমলৈ নি বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাই৷ নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে বসন্ত ৰোগত আক্ৰান্ত হৈ পূৰবী সোনোৱাল নামৰ ছাত্ৰীগৰাকীয়ে হেৰুৱাই পেলাইছিল শ্ৰৱণ শক্তি।
মহাবিদ্যালয়ৰ তৰফৰ পৰা ছাত্ৰীগৰাকীক এটা শ্ৰৱণ যন্ত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।পৰীক্ষা-নীৰিক্ষাৰ অন্তত সোমবাৰে শ্ৰৱণ যন্ত্ৰ প্ৰদান কৰে পূৰবীক। ২৬ হাজাৰ টকা ব্যয়ৰে পূৰবীক শ্ৰৱণ যন্ত্ৰ প্ৰদান কৰে মহাবিদ্যালয় পৰিয়ালে৷ দৰিদ্ৰ পৰিয়ালৰ সন্তানক সোমবাৰে শ্ৰৱণ যন্ত্ৰ প্ৰদান কৰে৷ আৰ্থিক ভাবে দুৰ্বল পৰিয়ালৰ কাণেৰে কমকৈ শুনা কিশোৰীগৰাকীক এই যন্ত্ৰ প্ৰদান কৰাত ৰাইজে প্ৰশংসা কৰে মহাবিদ্যালয় পৰিয়ালক।