দেৰগাঁওঃ 'মই সন্তান কেইটাৰ বাবে সকলো শেষ কৰিলো৷ এতিয়া মোৰ সম্পত্তি বুলিবলৈ একো নাই৷ ভেটিৰ মাটি বিক্ৰী কৰি হ’লেও সন্তানৰ চিকিৎসা কৰাৰ মন মোৰ৷ হয়তো ঘৰৰ ভেটিতো বিক্ৰী কৰিব লাগিব।’-এই অসহায় আৰু আৱেগিক মন্তব্য এগৰাকী দুৰ্ভগীয়া পিতৃৰ৷ 

জীৱনৰ সকলো ৰং সন্তানৰ নামত উছৰ্গা কৰা মানুহজনৰ নাম চেনীৰাম শইকীয়া৷ গোলাঘাট জিলাৰ দেৰগাঁৱৰ পৰা প্ৰায় ১৫ কিঃ মিঃ নিলগৰ বানে গৰকা ১নং গড়মৰা গাঁৱত ঘৰ চেনীৰাম শইকীয়াৰ৷ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ সন্তান আছিল যদিও অশেষ কষ্ট কৰি সুখৰে চলি আহিছিল চেনীৰামে৷ আজিৰ পৰা প্ৰায় ২২ বছৰ পূৰ্বে চেনীৰামে বিবাহপাশত আবদ্ধ হৈ পিতৃ প্ৰদত্ত মাটিত খেতি কৰি সংসাৰ চলাই আহিছিল৷ 

বিবাহৰ প্ৰায় ডেৰ বছৰ পাছত এটি পুত্ৰ সন্তান লাভ কৰে চেনীৰামে৷ ল’ৰা সন্তান লাভ কৰাত ঘৰখনত এক আনন্দৰ পৰিৱেশে বিৰাজ কৰে৷ সন্তানটোৰ নাম ৰাখে সত্যজিত শইকীয়া৷ সত্যজিত লাহে লাহে ডাঙৰ হৈ আহিবলৈ ধৰে৷ ২ বছৰ বয়সৰ পৰা নানা ৰোগত আক্ৰান্ত হৈ শাৰিৰীক গঠন আৰু বৃদ্ধি বাধাপ্ৰাপ্ত হয় সত্যজিতৰ৷ 

লাহে লাহে দিন, মাহ, বছৰ পাৰ হৈ সত্যজিত এতিয়া ২১ বছৰীয়া হ’ল যদিও আজিও শৰীৰ পূৰ্ণতা নোহোৱাৰ লগতে তিনি-চাৰিবছৰীয়া সন্তানৰ দৰে হৈ ৰয়৷ পিতৃ চেনীৰামে ডাক্তৰ, কবিৰাজৰ ওচৰলৈ গৈ হাৰ মনা নাছিল৷ কৰবাত নহয় কৰবাত সন্তানটো ভাল হ’ব বুলিয়েই মাটি-বাৰী সকলো বিক্ৰী কৰি সাং কৰে চেনীৰামে৷ 

বৰ পুত্ৰক চিকিৎসা কৰি যোৱাৰ মাজতে ঘৰখনলৈ আহিছিল এটি কন্যা সন্তান৷ কন্যা সন্তানটি ডাঙৰ হবলৈ ধৰে যদিও বৰ পুত্ৰৰ দৰে একেই ৰোগত আক্ৰান্ত হৈ শৰীৰৰ বৃদ্ধি নোহোৱাকৈ থাকে৷ চেনীৰামৰ দুখে কুলাই পাচিয়ে নধৰা হয়৷ এপদ এপদ কৈ ঘৰখনৰ সকলো সামগ্ৰী বিক্ৰী কৰি দুয়োটা সন্তানৰ চিকিৎসা কৰি গ’ল৷ 

লাহে লাহে দুবেলা দুমুঠি খাবলৈ নোপোৱা হ’ল পৰিয়ালটোৱে। তথাপিও হাৰ মনা নাছিল চেনীৰামে৷ যেনেকৈ নহওক সন্তান দুটাক ভাল কৰাৰ বাবে টকা ধাৰ লৈ হ’লেও চিকিৎসা কৰি গৈছিল৷ দুয়োটা সন্তানৰ চিকিৎসা কৰি থকাৰ সময়তে ঘৰখনলৈ আহিল তৃতীয়টো সন্তান৷ তৃতীয় সন্তানটোও একেই ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালটোৰ আলাই-আথানি নোহোৱা হয়৷ 

তিনিটা সন্তানৰ চিকিৎসা কৰি সকলো হেৰুৱাই ভাগৰি পৰিছে চেনীৰাম৷ ভেটিৰ মাটি বিক্ৰী কৰি হ’লেও জন্মৰ পৰাই শাৰিৰীক ভাৱে বাধাগ্ৰস্ত তিনি সন্তান ক্ৰমে ২১ বছৰীয়া সত্যজিত শইকীয়া, ১২ বছৰীয়া ভনী শইকীয়া আৰু ৭ বছৰীয়া বাবু শইকীয়াক সুস্থ কৰি তোলাৰ মন চেনীৰামৰ। পিছে ভেটি মাটি বিক্ৰী কৰিলেও এনে এক জটিল ৰোগৰ চিকিৎসা যে সম্ভৱ নহ’ব সেয়াও বুজি উঠিছে দুৰ্ভগীয়া চেনীৰামে।

ভেটি মাটিৰ বাদে বিক্ৰী কৰিবলৈ এতিয়া একোৱেই নাই। সেয়েহে বিগত এবছৰ ধৰি চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে তিনিওটি সন্তান। চিকিৎসাৰ অভাৱত এতিয়া স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে তিনিওটি শিশুৰ। আৰু এই দৃশ্য অসহায় হৈ চাই ৰ’ব লগা হৈছে পিতৃ-মাতৃয়ে।

এই তিনি শিশুৰ চিকিৎসাৰ বাবে এতিয়ালৈকে চেনীৰাম শইকীয়াৰ পৰিয়ালটোৱে লাভ কৰিবলৈ সক্ষম হোৱা নাই কোনোধৰণৰ চৰকাৰী সাহায্য। মাটি-বাৰী য’ত যি আছিল সকলো বিক্ৰী কৰি সাং কৰি অৱশেষত ভেটি বিক্ৰী কৰিবলৈ গ্ৰাহক বিচাৰি ফুৰিছে শইকীয়াই৷ একালৰ সুখী শইকীয়া এতিয়া দুখৰ অথাই সাগৰত৷