03
Mar
2019

গুৱাহাটীঃ গুৱাহাটী ৰে’ল ষ্টেচনত ৩৮ লাখ টকা উদ্ধাৰ কৰিলে ৰে’ল আৰক্ষীয়ে। পাছত টকাখিনি আয়কৰ বিভাগক চমজাই দিয়া হয়। নিয়মীয়া তালাচীৰ সময়তে জব্দ কৰা হৈছিল টকাখিনি। টকাসহ এজনক আটক কৰে ৰে’ল আৰক্ষীয়ে।
ধৃত লোকজন কেৰালাৰ মনোজ ফ্ৰাঞ্চিছ। যোৰহাটৰ ৰৰৈয়াৰ এটা প্ৰতিষ্ঠানৰপৰা আনিছিল টকাখিনি। কন্যাকুমাৰীলৈ নিয়াৰ পথত টকাখিনি জব্দ কৰা হয়।