
সৰভোগঃ ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ বৰনগৰ আঞ্চলিক সমিতি আৰু ৪০ নং সৰভোগ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাসৰ উদ্যোগত সৰভোগ গান্ধী ভৱনত অনুষ্ঠিত সভাত অঞ্চলটোত সুখ্যাৰ্তিৰে উত্তীৰ্ণ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৪৩ গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ ২০ গৰাকী শিক্ষাৰ্থীক সম্বর্ধনা জনোৱা হয়।
বৰনগৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা স্বৰ্ণলতা দাসে প্ৰাক্তন বিধায়ক হেমেন দাসৰ প্ৰচেষ্টাৰ শলাগ লয়। মূল উদ্যোক্তা ৪০ নং সৰভোগ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাস ভাষণত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ ক্ৰমবৰ্ধমান ভাল ফলাফলক লৈ সন্তোষ ব্যক্ত কৰে।
বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বীৰেন কুমাৰ চক্ৰৱতী সভাত উপস্থিত থাকি ৮৫ উৰ্ধ বয়সৰ হেমেন দাসৰ আন্তৰিকতাৰ শলাগ লয়। বৰনগৰ মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰাৰ কথাও উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে।
সভাত ছাত্ৰ-ছাত্ৰীসকলক চানক্য আৰু মা নামৰ দুখন উপন্যাস, ফুলাম গামোচা, মানপত্ৰ আৰু এটা ফুলাম জাপিৰে সম্বর্ধনা জনোৱা হয়।
অনুষ্ঠানত ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰী, চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য মনোৰঞ্জন তালুকদাৰ, বৰপেটা জিলা সমিতিৰ প্ৰাক্তন যুটীয়া সম্পাদক চলমান আলি, কামাৰগাও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰণজিৎ দাস, বি এইচ মহাবিদ্যালয়ৰ অধ্যাপক চুলতান আহমেদ, বিশিষ্ট শিক্ষাবিদ মনো ভূঞা, বৰনগৰ সমিতিৰ সম্পাদক হৰ্ষজিৎ দাস প্ৰমুখ্য বহু নেতা কৰ্মী তথা ৰাইজ উপস্থিত থাকে।