ভোগালীৰ ভোগ কাঢ়িছে খাদ্য-সামগ্ৰীৰ দামৰ জুইয়ে

নগাঁওঃ অসমীয়াৰ হিয়াৰ আমঠু ভোগালী বিহুৰ প্ৰাকক্ষণত সম্প্ৰতি নগাঁও জিলাৰ গ্ৰামাঞ্চলবোৰত এচাম অসাধু ব্যৱসায়ীয়ে নিজ খেয়াল-খুচি মতে অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ দাম বৃদ্ধি ঘটোৱাত সাধাৰণ শ্ৰেণীৰ খাটিখোৱা লোকসকলে ত্ৰাহি মধুসূদন সোঁৱৰিছে ৷
যোগান বিভাগৰ আওকণীয়া মনোভাৱ তথা চৰকাৰৰ সাধাৰণ ৰাইজৰ প্ৰতি থকা দায়িত্বহীনতাৰ ফলতেই ভোগালী বিহুৰ অচিলা লৈ ব্যৱসায়ীসকলে খাদ্য-সামগ্ৰীৰ দাম মইমতালিৰে বৃদ্ধি কৰি কৃষক আৰু শ্ৰমিক শ্ৰেণীটোৰ বিহুৰ আনন্দ-উৎসাহ একপ্ৰকাৰে ম্লান কৰি পেলাইছে ৷ আনকি বাপতিসাহোন ভোগালী বিহুটি উদযাপনৰ বাবে কঁকালত টঙালি বান্ধি সকলো সাজু হৈছে যদিও বজাৰত হঠাতে খাদ্য-সামগ্ৰীৰ দাম গগণচুম্বী হৈ পৰাত দৰিদ্ৰ নগঞা জনতাৰ মাজত স্বাভাবিকতেই হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷
জানিব পৰা মতে,জিলাখনৰ পশ্চিম প্ৰান্তৰ হাতীচোং,কাছমাৰী আৰু শিলপুখুৰী মৌজাৰ গ্ৰামাঞ্চলবোৰত বৰ্তমানে বিহুৰ বতৰত প্ৰতিজন অসমীয়াই আলহী-অতিথিক আপ্যায়ন কৰাৰ নিমিত্তে পিঠা-পনা,লাড়ু,সান্দহ,জলপান আদি তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীৰ লগতে মাছ-মাংস,শাক-পাচলিকে ধৰি আন অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ সীমাহীন দাম বৃদ্ধিত গঞাৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হৈ বিহুৰ প্ৰস্তুতি চলোৱাৰ বেলিকা থমকি ৰ’বলৈ বাধ্য হৈছে ৷
কোৱা বাহুল্য মাথোন,ধুৰন্ধৰ বণিক শ্ৰেণীটোৰ দৌৰাত্ম্য ইমানেই বৃদ্ধি পাইছে যে গঞাৰ সৰলতাৰ সুযোগ লৈ উক্ত মৌজা তিনিটাৰ গ্ৰামাঞ্চলবোৰত খাদ্য-সামগ্ৰীৰ কৃত্ৰিম নাটনিৰ সৃষ্টিৰে ইংৰাজী নৱবৰ্ষ আৰম্ভ হোৱাৰে পৰা আজিৰ তাৰিখলৈকে ক্ৰমান্বয়ে পূৰ্বৰ তুলনাত প্ৰতিবিধ সামগ্ৰীৰ দাম দুই-তিনি দিনৰ মূৰে মূৰে কেজিয়ে প্ৰতি ৫-১০ টকা পৰ্যন্ত বৃদ্ধি কৰি মুনাফা লুটিছে ৷ প্ৰাপ্ত তথ্য মতে,বিহুৰ বতৰত ৰাইজৰ মাজত অতি সমাদিত খাদ্য-সামগ্ৰীসমূহৰ দৰ বৰ্তমান খুচুৰা হিচাপত প্ৰতিকিল’ তিল ১৫০-১৮০ টকা,গুড় ৮০-১১০ টকা,বৰা চাউল ৭০-৯০ টকা,কোমল চাউল ৬০-৭০ টকা,চিৰা ৪২-৪৬ টকা,দৈ গাখীৰ ১২০-১৮০ টকা,আখৈ ৩৬-৪৫ টকা,মুড়ি ৪০-৪৫ টকা হোৱাৰ বিপৰীতে পিঠা-পনাত বহুলভাবে ব্যৱহৃত নাৰিকল প্ৰতিযোৰাত ১৩০-১৮০ টকা চ’ৰা দামত নিবিঘ্নে বিক্ৰী হৈ আছে ৷ ইয়াৰ বিপৰীতে মাছ-মাংস-কণীকে ধৰি অন্যান্য খাদ্য-সামগ্ৰীৰ বেলিকাও অসাধু ব্যৱসায়ী চক্ৰই চৰম দাম্ভিকতাৰে নিজা বৰ্ধিত দৰ নিৰ্ধাৰণ কৰি সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাইছে ৷ কাজেই,চতুৰ সুবিধাবাদী ব্যৱসায়ীসকলে মাঘবিহুৰ গইনা লৈ শোধোৱা এনে মাধমাৰে বিহুলৈ মাজতে কেই মুহুৰ্ত মানহে থকা অৱস্থাত এইসকল নগঞাৰ বিহুৰ আনন্দ-উল্লাসত বহু পৰিমাণে ব্যাঘাট জন্মাইছে ৷