12
Aug
2017

Image for Representation
ডিজিটেল ৰিপ'ৰ্টঃ সমগ্ৰ উত্তৰ-পূব ভাৰতত হাই এলাৰ্ট জাৰি কৰিছে বায়ুসেনা বিভাগে। যুদ্ধৰ কলীয়া মেঘে আকাশ ছানি ধৰাৰ সময়ত সষ্টম হৈ উঠিছে সেনা।
বৰ্তমান উত্তৰ পূবৰ আকাশমাৰ্গ যিকোনে জৰুৰীকালীন উৰণৰ বাবে মুকলি কৰি ৰখাৰ নিৰ্দেশ জাৰি কৰিছে বায়ুসেনাই।
তদুপৰি ভাৰত-চীনৰ অৰুণাচল সীমান্তৱৰ্তী এলেকালৈ প্ৰেৰণ কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী।
ডোকালামৰ অশান্তিৰ সুযোগ লৈ শত্ৰু দেশখনে যাতে আন সুৰুঙাৰে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে।
শোণিতপুৰ জিলাৰ মিছামাৰীৰ মাজেৰ অৰুণাচললৈ নিৰাপত্তাৰক্ষী আৰু অস্ত্ৰ সৰবৰাহ কৰা হৈছে বুলি বায়ু সেনাৰ এটি সূত্ৰই সদৰী কৰিছে।