Newsnextone | গুৱাহাটীঃ আজি ঘোষিত হোৱা অসম হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত প্ৰথম তিনিটা স্থান দখল কৰিছে ক্ৰমে ধুবুৰীস্থিত কামানদাংগা হাই মাদ্ৰাছাৰ মহম্মদ মীজানুৰ ৰহমানে, একেখন জিলাৰে চাপৰ মাদ্ৰাছা হাইমাদ্ৰাছাৰ নজমুল হুদা আৰু দৰং জিলাস্থিত পশ্চিম মঙলদৈ হাইমাদ্ৰাছাৰ চাবিনা শৱনমে৷ এওলোকে পোৱা নম্বৰ হৈছে ক্ৰমে ৫৫৬, ৫৫৫ আৰু ৪৯৷

২০১৮ বৰ্ষৰ শিক্ষান্ত পৰীক্ষাটোত অৱতীৰ্ণ হোৱা ৯০৯৫ গৰাকী পৰীক্ষাৰ্থীৰ উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে ৪৬০৪ গৰাকী। উত্তীৰ্ণৰ হাৰ ৫০.৬২ শতাংশ৷ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৮৩১, দ্বিতীয় বিভাগত উত্তীৰ্ণৰ সংখ্য হৈছে ২৪৮৯ আৰু তৃতীয় বিভাগত উত্তীৰ্ণৰ সংখ্যা হৈছে ১২৮৪ গৰাকী৷ ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৫৫.১১ হোৱাৰ বিপৰীতা ছোৱালীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৪৭.১১৷

উত্তীৰ্ণৰ হাৰৰ সৰ্বাধিক হৈছে শিৱসাগৰ জিলাত (৮৭.৭৬ শতাংশ)৷ বাগছা আছে দ্বিতীয় স্থানত (৮১.৩৭ শতাংশ)৷ তেনেদৰে উত্তীৰ্ণৰ হাৰৰ ফালৰ পৰা তৃতীয় স্থানত আছে লখিমপুৰ জিলা (৭৩.৯৪ শতাংশ)৷

১৯৯৯ গৰাকীয়ে পাইছে লেটাৰ মাৰ্কছ৷ FIQH & AQUAID বিষয়ত সৰ্বমুঠ ৮০০ গৰাকীয়ে লেটাৰ মাৰ্কছ পাইছে৷ অসমীয়া বিষয়ত পাইছে ২৪১ গৰাকীয়ে৷ ডিষ্টিংছন মাৰ্কছ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ২৫ জন৷ ১১৮ গৰাকীয়ে পাইছে ষ্টাৰ মাৰ্কছ৷