newsnextone.com | মঙলদৈ/গোলকগঞ্জঃ শুকুৰবাৰে ঘোষণা কৰা হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত শীৰ্ষৰ তিনিটা স্থানত উজলি উঠিল ৰাজ্যৰ তিনিগৰাকী মেধা ছাত্ৰই৷ দৰং জিলাৰ এগৰাকী  ছাত্ৰী আৰু ধুবুৰী জিলাৰ দুগৰাকী মেধা ছাত্ৰই শিৰ্ষ তিনিটা পদবী দখল কৰাত জিলা দুখনত আনন্দৰ বন্যা বয়৷

ধুবুৰী জিলাক উজলাই তোলে মিজানুৰ ৰহমানে৷ শুকুৰবাৰে ঘোষিত হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰে কামানডাংগা হাই মাদ্ৰাছাৰ ছাত্ৰ মিজানুৰ ৰহমানে৷ ধুবুৰী জিলাৰ তামাৰহাটৰ সোণালুৰ ডাৱৰী গাঁৱৰ আব্দুল বাসিদ আৰু মমতাজ বিবিৰ পুত্ৰ মিজানুৰ ৰহমানে নিতৌ ৮-৯ ঘণ্টাকৈ পঢ়াশুনা কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। ভবিষ্যতে অভিযন্তা হোৱাৰ ইচ্ছা মিজানুৰৰ। ক্ৰিকেট খেলিও ভাল পায় তেওঁ৷ মিজানুৰে আটাইকেইটা বিষয়তে লেটাৰ সহ ৫৫৬ লম্বৰ লাভ কৰে৷

আনহাতে ধুবুৰী জিলাৰে চাপৰৰ চাপৰ মাদ্ৰাছা উচ্চকৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাৰ্থী নজমুল হুদাই সমূহ বিষয়ত লেটাৰ সহ ৫৫৫ নম্বৰ লাভ কৰি দ্বিতীয় স্থান লাভ কৰিছে৷ নিতৌ ৪-৬ ঘণ্টা সময় অধ্যয়ন কৰি এই সফলতা লাভ কৰা বুলি নজমুলে৷ অঞ্চলটোৰ দল-সংগঠনে নজমুলক শুভেচ্ছা যাচে৷

আনহাতে দৰং জিলাৰ মঙলদৈৰ অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা চবিহা শ্বৱনমে তৃতীয় স্থান দখল কৰে৷ পিতৃ সাধাৰণ এগৰাকী খেতিয়ক তথা এসাজ খাই এসাজ লঘোনে থাকি পঢ়া-শুনা কৰা চবিহাই কঠোৰ পৰিশ্মৰ মূৰকত এই সফলতা লাভ কৰে৷ পিতৃয়ে মাথো চাৰিবিঘা মাটি খেতি কৰি ঘৰ চলাই৷ সাধাৰণ কৃষকৰ কন্যাই তৃতীয় স্থান লাভ কৰাত দৰংবাসী উৎফুল্লিত হৈ পৰে৷

চবিহা শ্বৱনম ঘৰ দৰং জিলাৰ কেন্দুগুৰিত আৰু স্থানীয় পশ্চিম মঙলদৈ হাই মাদ্ৰাছাৰ ছাত্ৰী আছিল চবিহা শ্বৱনম৷ চিপাঝাৰ বিধান সভা সমষ্টিৰ কেন্দুগুৰি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ কন্যাই চবিহাই অতি কষ্টৰে শিক্ষা গ্ৰহণ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ সহ ৫৪৯ লম্বৰ লাভ কৰিছে৷