21
Jun
2019

গুৱাহাটীঃ হোজাই বিজেপি বিধায়ক শিলাদিত্য দেৱলৈ গ্ৰেপ্তাৰী প্ৰৰোৱানা জাৰি কৰিমগঞ্জৰ আদালতৰ।
বিধায়ক গৰাকীৰ বিৰুদ্ধে কৰিমগঞ্জৰ জুনেইদ আহমেদ নামৰ এগৰাকীৰ ব্যক্তিয়ে সাম্প্ৰদায়িক মন্তব্য অভিযোগ তুলি কৰিমগঞ্জৰ আদালতত এক গোচৰ ৰুজু কৰিছিল।
পৰৱৰ্তী সময়ত কৰিমগঞ্জৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে তিনিবাৰকৈ বিধায়ক গৰাকীক আদালতত সাজু হ’বলৈ নির্দেশ প্ৰদান কৰিছিল। কিন্তু বিধায়ক গৰাকীয়ে তিনিবাৰকৈ আদালতৰ নির্দেশক অমান্য কৰি উপস্থিত নহ’ল।
ফলত জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে বিধায়ক গৰাকীলৈ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিবলৈ বাধ্য হ’ল। সেই অনুসৰি অহা ২৩ জুলাই বিধায়ক শিলাদিত্য দেৱক আদালতত হাজিৰ কৰাবলৈ নির্দেশ প্ৰদান কৰিছে।