অভয়াপুৰীঃ বিপদাপন্ন সোণালী বান্দৰৰ আবাসস্থলী হিচাপে পৰিচিত ভৈৰৱচুড়া পাহাৰত বহিৰাগত ব্যৱসায়ীৰ বিনাদ্বিধাই শিল খনৰৰ বাবে বনবিভাগে দিয়া অনুমতিক লৈ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। 

ৰাজ্যখনৰ ভিতৰতে তৃতীয় বৃহত্তম পাহাৰ হিচাপে জনা যোৱা বঙাইগাওঁ জিলাৰ বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত উক্ত পাহাৰখনত বনবিভাগে অবৈধভাবে কমিচনৰ বিনিময়তে এনেদৰে জৈৱবৈচিত্ৰ ধ্বংস কৰাৰ দিশে আগবাঢ়িছে বুলি ৰাইজৰ মত। 

এই অবিবেচক সিদ্ধান্তক লৈ আমছুকে ধৰি বিভিন্ন দল-সংগঠনে ৰাইজৰ লগত মিলি কৰা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বুজ ল’বলৈ  অৱশেষত আজি উক্ত স্থানত উপস্থিত হয় বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। 

মন্ত্ৰীগৰাকীয়ে পাহাৰখন পৰিদৰ্শন কৰা সময়ছোৱাত আমছুৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে বন মন্ত্ৰী গৰাকীক ভৈৰৱচুড়া পাহাৰখনৰ ঐতিহ্যৰ প্ৰতি লক্ষ্য ৰাখি শিলৰ কুঁৱেৰী স্থাপন প্ৰক্ৰিয়া বাতিল কৰিবলৈ দাবী জনায়। 

যদি পথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় শিলৰ বিকল্প ব্যৱস্থা কৰিব পৰা যায় তেন্তে এনে সিদ্ধান্ত বাতিল কৰা হ’ব বুলি আশ্বাস দিয়ে বন মন্ত্ৰী গৰাকীয়ে।