ধিংঃ অসমৰ দৌৰৰ ৰাণী দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা হিমা দাসক সম্ভাষণ জনালে ধিংবাসীয়ে৷ বিশ্ব স্কুল এথলেটিকছ চেম্পিয়নশ্বিপত ২০০ মিটাৰত ভাৰতক প্ৰতিনিধিত্ব কৰি ৫ম স্থান দখল কৰে হিমা দাসে৷

সুদীৰ্ঘ ৩০ বছৰৰ মূৰকত ৰাজ্যৰ এগৰাকী খেলুৱৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এথলেটিকছত অংশগ্ৰহণ কৰে৷ নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ কান্ধুলীমাৰী গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছ পৰা কান্ধুলীমাৰী গাঁৱত খেলৰ পৰিৱেশ নথকাৰ পাছতো হিমাই নিজ সংগ্ৰামৰ জৰিয়তে উজলি উঠে৷

ধিং কান্ধুলীমাৰীৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাস। কেনিয়াৰ নাইৰোবিত যোৱা ১২ জুলাইৰ পৰা অনুষ্ঠিত বিশ্ব ১৮ বছৰৰ অনুৰ্দ্ধৰ এথলেটিকছ প্ৰতিযোগিতাত ধিঙৰ হিমা দাসে নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শনৰে পঞ্চম স্থান দখল কৰে৷ দেশক প্ৰতিনিধিত্ব কৰি ২০০ মিটাৰ দৌৰত পঞ্চম স্থান অধিকাৰ কৰা হিমা দাস বুধবাৰে ধিং অাহি পোৱাত বিপুল সম্বৰ্ধনা জনাই বিভিন্ন দল-সংগঠনে।

সম্বৰ্ধনা গ্ৰহণ কৰি ৰাজ্য-তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা হিমাই বিশ্ব জিনাৰ বাবে অাশীৰ্বাদ বিচাৰে সকলোৰে। দৌৰবিদ হিমাৰ সাফল্যত উৎফুল্লিত সমগ্ৰ ধিংবাসী। হিমা দাসৰ এই সাফল্যৰ পিছতো খবৰ লোৱাৰ আহৰি নাপালে মন্ত্ৰী-বিধায়ক তথা ৰাজ্যৰ ক্ৰীড়া সংগঠনে৷ আনহাতে নগাঁও জিলা প্ৰশাসনেও হিমা দাসক সম্বৰ্ধনা জনায়৷