ডিজিটেল ডেক্সঃ হিমাচল প্ৰদেশৰ নুৰপুৰত এখন স্কুল বাছ দ’ খাৱৈত বাগৰি পৰাত ২৩টি শিশুসহ ২৭ জন লোক নিহত হয়। সোমবাৰে বিয়লি ৪.৩০ বজাত নুৰপুৰ-চাম্বা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱা বাছখন ব্যক্তিগত মালিকানাধীন আছিল আৰু ৰাম সিং পাথানিয়া মেমৰিয়েল স্কুলৰ ৪৫ জন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকক ঘৰলৈ লৈ অহি আছিল।

বাছখত থকা দুগৰাকী শিক্ষয়িত্ৰী আৰু এগৰাকী অচিনাক্ত মহিলাৰ লগতে চালকজনো দুৰ্ঘটনাটোত নিহত হয়। কাংগ্ৰাৰ উপায়ুক্ত সন্দীপ কুমাৰে জানিবলৈ দিয়ে যে নিহত ছাত্ৰ-ছাত্ৰীসকলৰ বয়স ৫ৰ পৰা ১১ বছৰৰ ভিতৰত। এটা কেঁকুৰি অতিক্ৰম কৰাৰ সময়তে চালকে গাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিবলৈ দিছে উপায়ুক্তজনে।

এজন আহত শিশু ৰণবীৰ সিঙে কয় যে দুৰ্ঘটনাত পতিত হোৱাৰ লগে লগে তেওঁ খিৰিকিৰে বাহিৰলৈ ওলাই পৰে। ইয়াৰ পাছতে তেওঁ দেখে যে বাছখন পাকঘুৰ্ণি খাই খাই তললৈ পৰি যায়।

নাৰপুৰ হাস্পতালত চিকিৎসাধীন হৈ থকা ৰণবীৰে কয়, ''মই এটা ডাঙৰ শব্দ শুনো আৰু তাৰ পাছতেই বাছখনে লুটি-বাগৰ খাবলৈ আৰম্ভ কৰে। সেই সময়তে মই বহি থকা ছিটৰ কাষৰ খিৰিকিৰ গ্লাছখন ভাগি যায় আৰু মই আৰু মোৰ কাষত বহি থকা ছোৱালীজনী বাহিৰত পৰোঁ।''

স্থানীয় প্ৰশাসন আৰু এনডিআৰএফৰ দল উদ্ধাৰ কাৰ্যত নামি পৰিছে যদিও চূৰ্ণ-বিচূৰ্ণ হোৱা বাছখনৰ পৰা দুৰ্গতসকলক উলিয়াই আনিবৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে।

আহতসকলক নুৰপুৰ অসামৰিক হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু সংকটজনকভাৱে আহত আঠজনক পাঠানকোটৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

নিহতসকলৰ নিকট আত্মিয়লৈ চৰকাৰে ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। আহতসকলৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব। এই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ এক তদন্তৰো নিৰ্দেশ দিয়া হৈছে।