newsnextone.com | নলবাৰীঃ দেওবাৰে স্বাস্থমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত নতুনকৈ সংলগ্ন কৰা প্ৰসূতি আৰু শিশু স্বাস্থ্য কোষ আনুষ্ঠানিক ভাৱে মুকলি কৰে। 

প্ৰসূতি আৰু শিশু স্বাস্থ্য কোষ আনুষ্ঠানিক ভাৱে মুকলি কৰি প্ৰদান কৰা ভাষণত আজিৰ দিনটো সমগ্ৰ বিশ্বতে চিকিৎসক দিৱস হিচাপে পালন কৰা হয় বুলি কৈ এই দিৱসৰ দিনাটোতে নলবাৰীত প্ৰসূতি আৰু শিশু চিকিৎসা কোষ মুকলি কৰি গৌৰৱবোধ কৰিছো বুলি কয় হিমন্তই। 

নলবাৰী অসামৰিক চিকিৎসালয়ত কিডনি ৰোগীৰ ডাইলেছিচ ব্যৱস্থা শীঘ্ৰে বিনামূলীয়া কৰা হ’ব বুলিও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। বিজেপিয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি এটা এটাকৈ পালন কৰি আছে। এয়া পৰিবৰ্তন নহয় তেনে কি। ৰাজ্যত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছত বিভিন্ন আঁচনি লোৱা হৈছে আৰু তাক কাৰ্যকৰী কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে বুলি কয় মন্ত্ৰীগৰাকীয়ে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে চৰকাৰী চিকিৎসাৰ সেৱাৰ ক্ষেত্ৰত অভিলাষী আঁচনি গ্ৰহণ কৰি ৰাইজক যথেষ্ট সুবিধা দিছে। অটল অমৃত, আয়ুষ্মান ভাৰতকে ধৰি বহুতো আঁচনি দিছে। ৰাইজে কেন্সাৰ, হাৰ্ট এটেক আদি গুৰুতৰ ৰোগ সমূহৰ বৃহৎ ব্যয় চম্ভালিব নোৱাৰাৰ বাবে বহুতো ৰোগী মৃত্যু মুখত পৰে। কিন্তু এতিয়া বিজেপি চৰকাৰে সেই চিকিৎসা বিনামূলীয়া কৰি ৰাইজক উপহাৰ দিছে। ২০০৮, ২০০৯ আৰু ২০১০ চনত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ আছিল ৪৮০ আৰু এতিয়া ২৩০ হৈছে বুলি কয় হিমন্তই৷

স্বাস্থ্য খণ্ড কেনেদৰে আগবাঢ়িছে সেয়াও চাব লাগিব বুলি কৈ মন্ত্ৰী হিমন্তই চৰ, পাহাৰীয়া অঞ্চলক বাদ দি ৰাজ্যত ৯৬ শতাংশ প্ৰসূতিয়ে চৰকাৰী চিকিৎসা সেৱা গ্ৰহণ কৰে আৰু সন্তান জন্ম দিছে বুলি কয়। এচাম মানুহ আৰু সাংবাদিক বন্ধু সকলৰো মাজত এটা ধাৰণা আছে। চিকিৎসালয় খনত যদি কোনো চিকিৎসক, নাৰ্ছে চিকিৎসাৰ ক্ষেত্ৰত সামান্য দেৰি কৰে বা এক্সৰে কৰাত কিবা বিজুতিৰ বাবে এক ঘণ্টা দেৰি হয় হাহাকাৰ লগাই দিয়ে। কিন্তু চিকিৎসালয় খনত যে বিনামূলীয়া চিকিৎসাৰে ৰাইজক সহায় কৰিছে সেয়া বাতৰি নকৰে। 

এই ক্ষেত্ৰত মই সাংবাদিক বন্ধু সকলক দোষ নিদিও। কিন্তু অসমত তেনেই ধাৰণা হৈছে এচামৰ মাজত। এই ধাৰণা বাদ দি আগবঢ়াই নিয়াৰ স্বাৰ্থত কাম কৰিব লাগিব বুলি কয়। মুকলি অনুষ্ঠানত নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, জিলাৰ অতিৰিক্ত উপয়াক্ত উদয়াদিত্য গগৈ, ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত, সঞ্চালক, চিকিৎসালয় খনৰ অধীক্ষক, বিষয়া সহ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।