গুৱাহাটীঃ কেৱল পত্নীৰ মালিকানাধীন নিউজ চেনেলত গৈ বৰ বৰ কথা কয় বুলি ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ থকাৰ মাজতে মঙলবাৰে মন্ত্ৰীগৰাকীয়ে ডি ৱাই-৩৬৫ নামৰ এটা ব্যক্তিগত চেনেলৰ আলোচনা অনুষ্ঠানত ভাগ লয়।  

কেবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী হিমন্তই গো-হত্যা ৰোধ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত গো-হত্যা ৰোধৰ নামত কোনো লোকে আইন হাতত তুলি লোৱাতো উচিত নহয় বুলি স্পষ্ট কৰি দিয়ে৷ যদি কোনে লোকে ফেচবুক নতুবা গো-হত্যা ৰোধ সন্দৰ্ভত প্ৰচাৰ কৰিব পাৰে তেন্তে সেই সম্পৰ্কে একো ক'ব লগা নাই বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। 

একাংশ লোকে গৰুক 'মাতৃ' জ্ঞান কৰে বুলি উল্লেখ কৰি গো ৰক্ষাৰ বাবে কাম কৰি যাব পাৰে বুলিও কয় হিমন্তই৷ মানুহে কি খাব সেয়া নিজেই সিন্ধান্ত লোৱাৰ অধিকাৰ আছে বুলিও তেওঁ মন্তব্য কৰে৷ উত্তৰ-পূৰ্বাঞ্চলত এই সন্দৰ্ভত কোনো কথাই নাহে বুলিও কয় হিমন্তই৷  

কেৱল গো-হত্যা বুলিয়েই নহয়, ড০ হীৰেন গোহাঁই প্ৰসংগ, দীনদয়াল বিতৰ্ক প্ৰসংগকে আদি কৰি একাধিক বিষয়ক লৈও মন্ত্ৰীগৰাকীয়ে চেনেলটোৰ অনুষ্ঠানত সদৰী কৰে। হীৰেন গোহাঁইক ৰাজনৈতিক প্ৰতিপক্ষ আখ্যা দি পঞ্চম শ্ৰেণীৰ পৰাই গোহাঁইয়ে তেওঁৰ বিৰোধিতা কৰি আহিছিল বুলি উল্লেখ কৰে। একেদৰে দীনদয়াল প্ৰসংগক লৈ সাধাৰণ মানুহে কোনো বিতৰ্ক কৰা নাই বুলিও তেওঁ অনুষ্ঠানটোত দাবী কৰে।